কুমাৰ ইঞ্জিনীয়াৰিঙৰ বিশ্বমানৰ ইলেক্ট্রিক গুডছ কেৰিয়াৰ”বাহন মুকলি কৰিলে ৰাষ্ট্ৰদূত, প্ৰধানমন্ত্ৰীৰ বিশেষ পৰামৰ্শদাতা দীপক ভোহৰাই

0 241

অসম ভিত্তিক অগ্ৰণী অর্ট’মবাইল কোম্পানী কুমাৰ ইঞ্জিনীয়াৰিংয়ে থলুৱা প্ৰযুক্তিৰে অসমৰ বাট পথত চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰিছে বহু প্রতিক্ষীত মডেল নতুন (ইলেক্ট্রিক গুডছ কেৰিয়াৰ) বাহন। আজি গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে এই নতুন বাহনখন বজাৰত মুকলি কৰা হয়। উল্লেখযোগ্য যে, এই বিদ্যুৎচালিত বাহনখনৰ মুঠ ওজন হৈছে ৭৫৬ কেজি আৰু ই ১৫০০ আৰপিএমত ১.৪২ কিল ৱাট শক্তি বহন কৰিব।আনহাতে বাহনখনৰ মুকলি
কৰে ৰাষ্ট্ৰদূত তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ পৰামৰ্শদাতা আৰু কোম্পানীৰ অধ্যক্ষ দীপক ভোহৰাই। অনুষ্ঠানত দীপক ভোহৰাই কয় যে ভাৰত চৰকাৰৰ পৰা আই-চিএটি অনুমোদন লাভ কৰাৰ পাছত কোম্পানীয়ে মুকলি কৰা উক্ত বাহনখনে ৩১০ কেজিলৈকে ওজন কঢ়িয়াব পাৰিব। তেও লগতে উল্লেখ কৰে যে, এবাৰ চার্জ কৰিলে বাহনখনে ১০০ কি: মি: দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। তেনেদৰে বিশেষভাবে ডিজাইন কৰা বাহনখনৰ বেটারি ৪ ঘন্টাতে সম্পূর্ণ চার্জ কৰিব পৰা যাব। অসমৰ বজাৰত অনতিপলমে উপলব্ধ হ’ব লগীয়া কুমাৰ ইঞ্জিনীয়াৰিঙৰ বিশ্বমানৰ বিদ্যুৎ চালিত সামগ্রী কঢ়িওৱা বাহনখন ন্যূনতম সমর্থন মূল্য এমএছপি ৰ সৈতে ১,৯৯,০০০ টকাত ক্ৰয় কৰিব পাৰিব। লগতে অসমৰ বিভিন্ন স্থানত অৱস্থিত ১৮ টা কুমাৰ চেলছ এণ্ড চাৰ্ভিচ আউটলেটৰ পৰা ক্ৰয় কৰা উক্ত বাহনখনত ১ বছ বাৰেন্টি গ্রাহকে লাভ কৰিব।চলিত বিত্তীয় বৰ্ষত অসমৰ সামগ্ৰী কঢ়িওৱা বাহন শাখাত কোম্পানীয়ে ২৫-৩০ শতাংশ বজাৰ শ্বেয়াৰ লাভ কৰিব বুলি খুবেই আশাবাদী। আনহাতে বাহনখনৰ মুকলি অনুষ্ঠানত কুমাৰ ইঞ্জিনীয়াৰিঙৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱৰ লগতে মুখত কাৰ্যবাহী বিষয়া অশোক ভট্টাচার্য উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.