কুমাৰ ইঞ্জিনীয়াৰীঙৰ স্থানীয়ভাৱে নিৰ্মাণ কৰা ই-ৰিক্সা বেটেৰী মুকলি

0 177

থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা পাৱাৰ টিলাৰ আৰু ই ৰিক্সাসমূহৰ বাবে স্থানীয় জনসাধাৰণৰ পৰা অভাৱনীয় সঁহাৰি লাভ কৰাৰ পাছত অসমৰ অগ্ৰণী অট’ম’বাইল কোম্পানী কুমাৰ ইঞ্জিনীয়াৰীঙে ই-ৰিক্সাৰ বাবে চোৱাচিতা বিহীন বেটেৰী মুকলি কৰিছে। অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এটা কোম্পানীয়ে ই-ৰিক্সা বেটেৰী নিৰ্মাণ কৰি বজাৰত মুকলি কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মেক ইন্ ইণ্ডিয়া অভিযানৰ প্ৰতি লক্ষ্য ৰাখি এই স্থানীয় কোম্পানীটোৱে থলুৱা প্ৰযুক্তিৰ সৈতে ইতিমধ্যে পাৱাৰ টিলাৰ আৰু ই-ৰিক্সা নিৰ্মাণ কৰিছে। এই নতুনকৈ প্ৰস্তুত কৰা বেটেৰীটোৱে এবাৰ চাৰ্জ দিলে ১২৫ কিলোমিটাৰ মাইলেজ প্ৰদান কৰিব আৰু ইয়াৰ মডেল নম্বৰ হৈছে এম এন- ৮৮৮ বি ১০০ এল। এই বেটেৰীটো আই.চি.এ.টিৰ দ্বাৰা প্ৰমাণকৃত কৰা হৈছে আৰু অসমৰ বিভিন্ন অঞ্চলত ইয়াক ইতিমধ্যে ব্যৱহাৰিক দিশত পৰীক্ষণ কৰা হৈছে।
বাতৰি যুগুতালে আজাৰৰ পৰা জিতুমনি দাসে
ই-ৰিক্সাৰ বাবে এই বেটেৰীটোৰ মুকলিৰ সম্পৰ্কত মন্তব্য কৰি মহানগৰীৰ জালুকবাৰীস্থত কুমাৰ ইঞ্জিনীয়াৰীঙৰ অধ্যক্ষ কুমাৰ গৌৰৱ মন্তব্য কৰে যে, এই বেটেৰীটোৰ মুকলিৰ সৈতে ই-ৰিক্সাৰ এটা নতুন মডেলো ইতিমধ্যে মুকলি কৰা হৈছে। লগতে তেওঁ চোৱাচিতা বিহীন ই-ৰিক্সাৰ বেটেৰীটো ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ উপাৰ্জন দুগুণ কৰিব পাৰে। অসমৰ কৃষক আৰু নিৱনুৱা যুৱক-যুৱতীসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ প্ৰডাক্টসমূহ উন্নীতকৰণ কৰিছো যাতে এই সামগ্ৰীসমূহৰ পৰা তেওঁলোক উপকৃত হয় আৰু কোনো ধৰণৰ জটিলতা নোহোৱাকৈ তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু একে সময়তে তেওঁলোকে ৰাষ্ট্ৰৰ বিকাশৰ দিশটো নিজৰ অৰিহণা যোগাব পাৰে। উল্লেখ্য যে, বেটেৰীটোৰ মূল্য ৩৫,৮৮৮ টকা আৰু প্ৰতিটো বেটেৰী ছেটত ৪ টা বেটেৰী উপলব্ধ হ`ব বুলি জানিবলৈ দিছে কুমাৰ ইঞ্জিনীয়াৰীঙৰ অধ্যক্ষ কুমাৰ গৌৰৱে।

Leave A Reply

Your email address will not be published.