ভাৰতীয় কৃষি গৱেষণা পৰিষদ চমুকৈ আই চি এ আৰৰ পাটনাস্থিত পূৱ মণ্ডল গবেষণা চৌহদৰ উদ্যোগত , আই চি এ আৰ এ টি এ আৰ আইৰ গুৱাহাটী কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ যৌথ সহযোগত আজি পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত দিনযোৰা কাৰ্যসূচীৰে কৃষকক সৱলীকৰণৰ বাবে এখন কৰ্মশালা অনুষ্ঠিত হয়। আই চি এ আৰ, পাটনা চৌহদৰ সঞ্চালক ডঃ অনুপ দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কে এম বুজৰবৰুৱাই ভাষণ প্ৰসংগত এনে ধৰণৰ কৰ্মশালাত ভাগ লোৱা কৃষকসকলে বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি কৰ্ম কৰি কিদৰে উৎপাদন বৃদ্ধি কৰি আৰ্থিকভাৱে লাভবান হব পাৰে সেই বিষয়ে জনাত সহায়ক হয় বুলি সদৰি কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আই চি এ আৰৰ বৰাপানী চৌহদৰ সঞ্চালক ডঃ ভি কে মিশ্ৰ, আই চি এ আৰৰ নাগালেণ্ড চৌহদৰ যুটীয়া সঞ্চালক ডঃ ডি জে ৰাজখোৱা, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষা সম্প্ৰচাৰণ সঞ্চালক ডঃ এইচ চি ভট্টাচাৰ্যই এনে ধৰণৰ কৰ্মশালাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। আনহাতে আই চি এ আৰৰ সংগীত পৰিবেশনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত এটি বৰগীত পৰিবেশন কৰে সংগীত শিল্পী জিতুমণি দাসে । শেষত শলাগৰ শৰাই আগবঢ়াই কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাই। আনহাতে কৰ্মশালাত প্ৰতিপালিত গাঁও হিচাপে পৰিগণিত কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ আৰু ডিমৰীয়া উন্নয়ন খণ্ডৰ এলেকাৰ ৰেৱা মহেশ্বৰ ( টি এছ পি ভিলেজ ) তথা ধীপুজী জান পাম ( এছ চি এছ পি) ৰ পৰা অহা জনজাতীয় মহিলাসহ ডেৰ শতাধিক কৃষক উপস্থিত থাকে। কৃষক সকলৰ মাজত কৃষি কাৰ্যত লাগতিয়াল সামগ্ৰী যেনে – জলসিঞ্চনত ব্যৱহৃত পাইপ, বাল্টি, মগ, নেটসহ কেতবোৰ সামগ্ৰী বিতৰণ কৰা হয়। আনহাতে কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে “প্ৰয়াস” শীৰ্ষক মূল বাণীৰে অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাপে ডঃ এইচ চি ভট্টাচাৰ্য , ডঃ ধীৰেন্দ্ৰ নাথ কলিতা, আই চি এ আৰ পাটনা চৌহদৰ ডঃ কমল শৰ্মা আৰু ডঃ এন ভক্ত, এ টি এ আৰ আইৰ গুৱাহাটী কেন্দ্ৰৰ ডঃ বাগীশ কুমাৰ আৰু ডঃ পৰাগ শইকীয়া উপস্থিত থাকে। কৰ্মশালাৰ অন্ততঃ কৃষক সকলক কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত থকা কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰোৱা হয়।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ