কৃষকৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

0 276

অসম চৰকাৰৰ কৃষি বিভাগে “অসম এগ্ৰি বিজিনেছ এণ্ড ৰুবেল টেঞ্চফৰমেচন প্লজেক্ট” চমুকৈ এ পি এ আৰ টি আৰু “এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্চি চমুকৈ এ টি এম এৰ অধীনত  ধান খেতি কৰি কিদৰে কৃষকসকল লাভৱান হ’ব পাৰে,ৰাজ্যজুৰি কৃষকৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই কাৰ্যসূচী অনুসৰিৰ অংশ হিচাপে আজি গুৱাহাটী পশ্চিম প্ৰান্তৰ কাহিকুছিস্থিত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি বিভাগৰ কামৰূপ জিলা কাৰ্যালয়ৰ উদ্যোগত এদিনীয়াকৈ কৃষকৰ এক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ৩০ গৰাকী নিৰ্বাচিত কৃষকে ভাগ লয়। আনহাতে শিৱিৰত সফল ব্যক্তি হিচাপে কাঁহিকুচি কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতা, এ পি এ আৰ টি অসমৰ বিশেষজ্ঞ বিপিন কুমাৰ আৰু বিজ্ঞানী প্ৰদীপ চাৱবালে কিদৰে বিজ্ঞান সন্মতভাৱে উপযুক্ত মানদণ্ডৰ উন্নত মানৰ ধানৰ খেতি কৰি অধিকভাৱে লাভৱান হ’ব পাৰি তাক তথ্য আৰু সচিত্ৰ সহকাৰে ব্যাখ্যা আগবঢ়ায়। আনহাতে শিৱিৰত এ পি এ আৰ টি অসমৰ ৰাজ্যিক ন’ৱেল বিষয়া মধুৰাম পাটিৰি আৰু কৃষি বিভাগৰ সহকাৰী সঞ্চালক ইউচুফ আলীয়ে কৃষকৰ বাবে শেহতীয়াকৈ সৌৰ শক্তিৰে চালিত অত্যাধুনিক যন্ত্ৰৰে ধান শুকোৱাৰ ব্যৱস্থা কৰা আৰু পানী উত্তোলন কৰা যন্ত্ৰ, বড়ো ধানৰ উন্নত মানৰ লাহী বীজ, কম পানী আৰু বেছি পানীত অধিক দিনলৈ থাকিব পৰা নষ্ট নোহোৱা উন্নত মানৰ বীজৰ যোগানকে ধৰি কৃষি বিভাগৰ ফালৰ পৰা আগ বঢ়াবলগীয়া সা-সুবিধা, কাৰিকৰী সহযোগিতা সমূহৰ বাখ্যা দাঙি ধৰে।

Leave A Reply

Your email address will not be published.