ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কৃষক মৰ্চাৰ উদ্যোগত আজি অসমৰ দুখন জিলাৰ সংগঠনটোৰ মণ্ডলসমূহত প্ৰবাস কাৰ্যসূচী সম্পন্ন হয়। অসমৰ কৰিমগঞ্জ জিলাৰ অন্তৰ্গত ৰামকৃষ্ণ নগৰ, দুৰ্লভচেৰা, সোণবিল বড়াইগাঁও, বদৰপুৰ, পাঠৰকান্দি, লোৱাইৰপোৱা, কৰিমগঞ্জ টাউন, বদৰপুৰ ব্লক, দক্ষিণ কৰিমগঞ্জ, উত্তৰ কৰিমগঞ্জ, সৰিচা মহিশাসন মণ্ডলৰ প্ৰবাস কাৰ্যসূচীত জিলা প্ৰভাৰী হিচাপে উপস্থিত থাকে মনোজ তালুকদাৰে। ইপিনে, হাইলাকান্দি জিলাৰ হাইলাকান্দি ব্লক, লালা ব্লক, অলগাপুৰ, টাপংগ, আয়নাখাল ৰাজেশ্বৰ, পূৱ হাইলাকান্দি টাউন, শৰিচাপুৰ, দক্ষিণ হাইলাকান্দি, লালা টাউন, পশ্চিম হাইলাকান্দি টাউন মণ্ডলত জিলা প্ৰভাৰী হিচাপে উপস্থিত থাকে বাবলা সেনে। কাৰ্যসূচীত সংগনটোৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা, উপ-সভাপতি ৰণিজৎ ভট্টাচাৰ্য, ভাস্কৰজ্যোতি দাস, নিবাৰণ লহকৰ, পূৰবী শৰ্মা, সাধাৰণ সম্পাদকদ্বয় ইন্দ্ৰানী তহবিলদাৰ আৰু বকুল দে’,বিষয়ববীয়া ইপ্সিতা বৰুৱা, সঞ্জীৱ বৰা, তৃষ্ণা শৰ্মা, অসমী বৰা, গৌতম দাস, অংকুৰ দত্ত, নিলাদ্ৰী গুপ্তা, হৰদ্বীপ চৌধুৰী, উৎপল গোস্বামী, সুৰজ্যোতি কলিতা, পৱিত্ৰ শইকীয়া, দীনেশ দাস, প্ৰাণজ্যোতি শৰ্মা উপস্থিত থাকে। উল্লেখ্য যে, দুয়োখন জিলাৰে প্ৰবাস কাৰ্যসূচীত কৃষকসকলৰ অভিযোগ-প্ৰতিঅভিযোগ সাক্ষ্য কৰি কৃষকসকল কেনেদৰে উপকৃত হ’ব পাৰে, ইয়াৰ ওপৰত আলোচনা কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ