কেক প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে পশ্চিম গুৱাহাটী নিহাৰিকাই

0 213

ক’ভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে মাৰ্চ মাহৰ মাজভাগৰ পৰা দেশজুৰি চলি থকা লকডাউন আৰু আনলক কেইবাটাও পৰ্যায় পাৰ হৈ ইতিমধ্যে চাৰে পাঁচ মাহ অতিক্ৰম কৰিছে। এই সময়ছোৱাত বহুক্ষেত্ৰত শিথিলতা আনিলেও প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যালয়কৈ চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ শিক্ষা প্ৰতিষ্ঠান বন্ধ হৈ আছে।
 
 
ইয়াৰ মাজতে সময়ৰ সদ ব্যৱহাৰ কৰি একাংশ ছাত্ৰ-ছাত্ৰী নানা ধৰণৰ সৃজনীমূলক কাম কাজত জড়িত হৈ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেনে এগৰাকী ছাত্ৰী হ’ল পশ্চিম গুৱাহাটীৰ আজাৰা থানাৰ অন্তৰ্গত পূৱ মাজিৰগাঁৱৰ হাতীপাৰা লক্ষীপথৰ নীহাৰিকা চৌধুৰী। মিৰ্জাৰ দক্ষিণ কামৰূপৰ মহাবিদ্যালয়ত স্নাতক কলাৰ চূড়ান্ত বৰ্ষ তথা ষষ্ঠ সান্নষিকৰ ছাত্ৰী নীহাৰিকাই পূৰ্বতে সম্পৰ্কীয় ৰূপমণি কলিতা নামৰ বায়েক এগৰাকীৰ পৰা কেক বনোৱা পদ্ধতি আয়ত্ব কৰিছিল।
 
 
সেই অনুসৰি কেক বনোৱা কাৰ্যত ব্যৱহৃত টাৰ্ণ টেবুল আৰু বিদ্যুৎ চালিত ব্লেণ্ডাৰ মেচিনটো প্ৰায় এবছৰ পূৰ্বে কিনি আনিছিল। অৱশেষত লকডাউনত শিক্ষানুষ্ঠান বন্ধ থকাৰ সুযোগত নীহাৰিকাই এপ্ৰিল মাহৰ পৰা প্ৰথম ঘৰতে খোৱাৰ বাবে কেক বনোৱা কাম আৰম্ভ কৰে। কিন্তু সমান্তৰালভাৱে ঘৰৰ ওচৰে পাজৰৰে লোকক সেই কেকৰ সোৱাদ দিয়াত প্ৰথমতে ওচৰ পাজৰৰে পিছত অঞ্চলটোত নীহাৰিকাই বনোৱা কেকৰ সোৱাদ বিয়পি পৰে। ইফালে লকডাউনৰ বাবে বেকাৰী সমূহ বন্ধ থকাত পূৱ মাজিৰগাঁৱকে ধৰি কাষৰীয়া অঞ্চলৰ লোকসকলে জন্মদিন বা আন মাঙ্গলিক উৎসৱৰ বাবে প্ৰয়োজন হোৱা কেক বিচাৰি নীহাৰিকাৰ ওচৰত ভিৰ কৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত নীহাৰিকাই জানিবলৈ দিয়া মতে মহাবিদ্যালয়ৰ পাঠদান বন্ধ থকা বাবে প্ৰথমতে পূৰ্বতে শিকি লোৱা বিদ্যাৰ দ্বাৰা নিচাৰ বাবে প্ৰস্তুত কৰা কেক এতিয়া ৰাইজৰ চাহিদাত  ব্যৱসায়িক ভিত্তিত প্ৰস্তুত কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত পিতৃ কমলেশ চৌধুৰী, মাতৃ দিপ্তী চৌধুৰী আৰু উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ভাতৃ হৃষীকেশ চৌধুৰীয়েও সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আহিছে।
 
 
যাৰবাবে গ্ৰহকৰ অৰ্ডাৰ অনুসৰি ময়দা আৰু ফলৰে বিভিন্ন ধৰণৰ ২৫০ গ্ৰামৰ পৰা এক কেজি ওজন পৰ্যন্ত কেক প্ৰস্তুত কৰি আহিছে। বিগত এপ্ৰিল মাহৰ পৰা অৰ্ডাৰ অনুসৰি কেক প্ৰস্তুত কৰি পাচটা মাহত কিছু টকা উপাৰ্জন কৰা বুলিও নীহাৰিকাই সদৰি কৰিছে। সাধাৰণতে এক কেজি ওজনৰ এটা কেক প্ৰস্তুত কৰিলে প্ৰায় ৩ ঘণ্টা সময় লাগে আৰু এদিনত বিদ্যুৎ সংযোগ ব্যাহত নহ’লে এক কেজি ওজনৰ চাৰিটা কেক প্ৰস্তুত কৰিব পাৰি। এটা এক কেজি ওজনৰ কেকৰ বাবদ গ্ৰাহকৰ এক হাজাৰ টকা লোৱা হয় আৰু সকলো খৰছ বাদ দি প্ৰায় ৩০ শতাংশ লাভ অৰ্জন হয়। অৰ্থনীতি বিষয়ত মেজৰ লৈ স্নাতক অধ্যয়ন কৰি থকা নীহাৰিকাই অৱশ্যেই চুড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিলে পঢ়াৰ বাবে কিছুদিন কেক প্ৰস্তুত কাৰ্যৰ আতৰি থাকিব বুলি জানিবলৈ দিয়ে। কিন্তু লকডাউনত শিক্ষানুষ্ঠান বন্ধ হৈ থকা সময়খিনিৰ সদ ব্যৱহাৰ কৰি পিতৃ, মাতৃ আৰু ভাতৃৰ সহযোগত কেক প্ৰস্তুত কৰি গ্ৰাহক ৰাইজৰ মন জয় কৰাৰ লগতে দুপইচা অৰ্জন কৰা বিষয়টো মনত যথেষ্ট আনন্দ দিয়া বুলি নীহাৰিকাই সদৰি কৰিছে। যাৰ বাবে খানামুখৰ পৰা মিৰ্জালৈ পশ্চিম গুৱাহাটীত নীহাৰিকা কেকৰ বাবে এটি চৰ্চিত নাম হৈ পৰিছে।
খবৰ যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.