কেন্দ্ৰীয় চৰকাৰৰ লগত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব কে এল অ’

0 382

অৱশেষত বহু প্ৰতীক্ষা,বিতৰ্ক আৰু এক শুভক্ষণৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট কেন্দ্ৰীয় চৰকাৰৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ বাবে নতুন দিল্লীলৈ গমনৰ অৰ্থে “কমতাপুৰ লিবাৰেচন অফ অৰ্গনাইজেচন” চমুকৈ কে এল অ নামৰ বিদ্ৰোহী উগ্ৰপন্থী সংগঠনটোৰ অধ্যক্ষ জীৱন সিংহৰ নেতৃত্বত এটা দল ম্যানমাৰৰ ঘন বনাঞ্চলৰ পৰা ওলাই আহিল।

প্ৰাপ্ত তথ্যমতে যোৱা কালি উক্ত আলোচনা প্ৰসংগৰ মূল মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱ সৈতে কে এল অ ৰ অধ্যক্ষ জীৱন সিংহৰ আলোচনাৰ পিছতেই নতুন দিল্লীলৈ আগমনৰ যাত্ৰা আৰম্ভ কৰে।ইতিমধ্যে কে এল অ অধ্যক্ষ জীৱন সিংহৰ সৈতে ১২জনীয়া এক দল ম্যানমাৰৰ ঘন বনাঞ্চলৰ মাজত থকা জে এইচ কিউ অৰ্থাৎ সাধাৰণ মূল কেম্পৰ পৰা আহি নাগালেণ্ডৰ এটা অংশত আহি উপস্থিত হৈছে।জানিব পৰা মতে নাগালেণ্ডৰ পৰা আৰু কিছু দূৰ আহি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত সম্পূৰ্ণ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তত্বাৱধানত নতুন দিল্লীলৈ উৰা মাৰিব বুলি বাতৰিটোত প্ৰকাশ।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.