কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় আঞ্চলিক সন্মিলনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

0 153

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ পুৰোহিতাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় আঞ্চলিক সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান সকল উপস্থিত থাকে।উল্লেখ্য যে আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড্ৰাগছ মুক্ত ভাৰতবৰ্ষ গঢ়ি তোলাৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।

এই সন্মিলত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ড্ৰাগছ সৰবৰাহ অসমৰ বাবে এক জ্বলন্ত সমস্যা আৰু ইয়াৰ সৈতে মোকাবিলা কৰাৰ দিশত অসম চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে।তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গ দৰ্শনত আৰু গৃহমন্ত্ৰীৰ সহায়ত ড্ৰাগছ সৰবৰাহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ কৃতিত্ব লাভ কৰিছে। যোৱা ১৫ টা মাহত অসম চৰকাৰে এন ডি পি এছ আইনৰ অধীনত ৪০৮৮ টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা,আফিং,মৰ্ফিন আৰু অন্যান্য নিষিদ্ধ পদাৰ্থ জব্দ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

বৰ্তমান ড্ৰাগছৰ বিৰুদ্ধে আপোচবিহীন স্থিতি অব্যাহত থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী তথা গৃহ মন্ত্ৰী মাৰ্গ দৰ্শনত অসম তথা উত্তৰ পূৰ্বাঞ্চলক ড্ৰাগছ মুক্ত অঞ্চল হিচাপে গঢ় দিবলৈ টীম নৰ্থ ইষ্ট হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।উত্তৰ পূৰ্বাঞ্চলৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰি প্ৰায় ৪০ হাজাৰ কিলোমিটাৰো অধিক নিচাযুক্ত সামগ্ৰীত অগ্নিসংযোগ কৰি ধ্বংস কৰা বুলি মুখ্যমন্ত্ৰী কয়।এই সন্মিলত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী,অৰুণাচল প্ৰদেশ, মণিপুৰ,মিজোৰাম, ছিক্কিম, ত্ৰিপুৰা মুখ্যমন্ত্ৰী সকল ,নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় গৃহ সচিব আৰু সামাজিক ন্যায় তথা সৱলীকৰণৰ সচিবকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.