কেৰিয়াৰ সজাগতা সভা সম্পন্ন

0 301

আত্মবিশ্বাসেই শক্তি আৰু এই শক্তিৰেই জয় কৰিব পাৰি জীৱন যুদ্ধৰ প্ৰতিটো স্তৰ’ এই কথাৰেই কালি বোকাখাতত ড° বুলজিৎ বুঢ়াগোহাঁয়ে আৰম্ভ কৰিলে কেৰিয়াৰ সজাগতা সভা ৷বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (অ: ভা:বি:প:)বোকাখাত শাখাই কালি বোকাখাতস্থিত অফিচাৰ্চ ক্লাৱত বোকাখাত মহকুমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সঠিক কেৰিয়াৰ নিৰ্বাচনৰ সুবিধাৰ অৰ্থে এখনি কেৰিয়াৰ সজাগতা সভাৰ আয়োজন কৰে৷ সভাৰ আৰম্ভণিতে অ: ভা:বি:প: ৰ বোকাখাত শাখাৰ সম্পাদক প্ৰবাল প্ৰিয়ংকৰ শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷এই অনুষ্ঠানটিত সমল ব্যক্তি তথা মাৰ্গদৰ্শক হিচাপে উপস্থিত থাকে তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ “জি আই এম টি”ৰ অধ্যক্ষ তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই ৷বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানটি শুভ আৰম্ভণি কৰে সন্মানীয় বাবুলাল ম’ৰে ৷ সভাত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম,অতিৰিক্ত দণ্ডাধীশ ৰণনময় ভৰদ্বাজ, অ: ভা:বি:প: বোকাখাতৰ সভাপতি তথা প্ৰৱক্তা ড° জয়ন্ত দাস,জেডিএচজি ৰ প্ৰাক্তন অধ্যক্ষ ড° বাবুলাল ম’ৰ,বিশিষ্ট লেখক তথা সাংবাদিক পলিমা চেতিয়া বসুমতাৰী,বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰা আৰু আকাশ ফুকন ৷বিশিষ্ট অতিথি সকলে নিজৰ নিজৰ শুভেচ্ছামূলক বক্তব্যৰ লগতে ধন্যবাদ জ্ঞাপন কৰে বোকাখাতৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এনে প্ৰশংসনীয় পদক্ষেপক ৷ শুভেচ্ছামুলক বক্তব্যৰ পাছতেই ড° বুলজিৎ বুঢ়াগোহাঁয়ে প্ৰায় তিনিঘণ্টাতকৈও অধিক সময় উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ লগত কেৰিয়াৰ সম্পৰ্কে মত বিনিময় কৰে ৷অনুষ্ঠানটিত কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক কেৰিয়াৰ সম্পকীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰো সমিধান আগবঢ়ায়, লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়েও ড° বুঢ়াগোহাঁয়ে বিশদ ব্যাখ্যা আগবঢ়ায়। তেখেতে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে এটা নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত আগুৱাই যোৱাৰ বাবে প্ৰস্তুতি চলাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে সকলোকে ভবিষ্যত জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷অনুষ্ঠানটিৰ শেষত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ কৰা হয় ৷

Leave A Reply

Your email address will not be published.