কোকৰাঝাৰত ষষ্ঠ অনুসূচী পৰিষদৰ সাংবাদিক সন্মিলন সম্পন্ন

0 58

অসমৰ তিনিওটা স্বায়ত্তশাষিত পৰিষদৰ সাংবাদিকসকলৰ এখন সন্মিলনৰ আজি কোকৰাঝাৰ তাৰকাগৃহ সভাগৃহত সফলতাৰে সামৰণি পৰে। বিটিচি চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে আয়োজন কৰা এই অধিৱেশন তিনিটা বৈঠকত সম্পন্ন হয়। প্ৰথমখন বৈঠকত বডোলেণ্ড টেৰিট’ৰিয়েল ৰিজিঅ’ন (বিটিআৰ), কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (কেএএচি) আৰু নৰ্থ কাছাৰ হিলছ স্বায়ত্তশাসিত পৰিষদ (এনচিএচি)-ৰ সাংবাদিকসকলৰ মাজত বিভিন্ন বিষয়ক লৈ আলোচনা হয়। তেওঁলোকৰ আলোচনাত দৰমহা, বীমা, যাতায়াত, সামাজিক মাধ্যমৰ সাংবাদিকতা, চিকিৎসা সেৱা আদি সমস্যাই বিশেষভাৱে ঠাই পায়। বিটিচিৰ প্ৰধান সচিব আকাশদীপৰ আদৰণী ভাষণেৰে দ্বিতীয় বৈঠক আৰম্ভ হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লিখিত শুভেচ্ছামূলক বাৰ্তাও পাঠ কৰা হয়। বৈঠকত তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই “সাংবাদিকসকল শক্তিশালী হ’লেহে গণতন্ত্ৰ শক্তিশালী হ’ব” বুলি উল্লেখ কৰি সত্যনিষ্ঠ সংবাদ পৰিৱেশন কৰিবলৈ তেওঁ সাংবাদিকসকলক আহ্বান জনায়‌। সংবাদক্ষেত্ৰখনত হোৱা পৰিৱৰ্তনৰ কথা সুঁৱৰি তেওঁ কয়, “এসময়ত এক লাখ চাৰ্কুলেছন হোৱা কাকতৰো এতিয়া চাৰ্কুলেছন ২৫-৩০ হাজাৰ হৈছেহি, চেনেলৰ টিআৰপি দহৰ পৰা নামি আঢ়ৈ হৈছেহি। ইয়াৰ কাৰণ কি আমি বিশ্লেষণ কৰা উচিত।” লগতে একাংশ প’ৰ্টেলৰ সংবাদসেৱা সম্পৰ্কেও তেওঁ নিজৰ অভিমত ব্যক্ত কৰে। বৈঠকখনত জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিটিচিৰ জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ডঃ নীলুৎ স্বৰ্গীয়াৰী, বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্যদ্বয় অৰূপ কুমাৰ দে’, উকীল মুছাহাৰী, বিটিচিৰ জনসংযোগ বিভাগৰ যুটীয়া সচিব জ্যোতিৰ্ময় দৈমাৰী, বিটিচিৰ জনসংযোগ বিভাগৰ আঞ্চলিক বিষয়া তথা বিভাগীয় মুৰব্বী জাহিদ আহমেদ তাপাদাৰ, “প্ৰাগ নিউজ”ৰ এডিটৰ-ইন-চীফ প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামী, “দৈনিক পূৰ্বোদয়”ৰ সম্পাদক ৰবি শংকৰ ৰবি আদি উপস্থিত থাকে। বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ডঃ নীলুৎ স্বৰ্গীয়াৰীয়ে বিটিআৰৰ পিছপৰা অঞ্চলসমূহক আগবঢ়াই নিবলৈ সাংবাদিকসকলক আহ্বান জনাই কয়, “অহা ২০২৫-২৬ বিত্তীয় বৰ্ষ পৰা যিসকল সাংবাদিকে কষ্টৰে সংবাদসেৱা আবঢ়াই আছে, তেওঁলোকৰ মাজৰ ৫গৰাকীক গাইপতি ৫০ হাজাৰকৈ “বিটিআৰ এক্সেলেন্স গ্ৰাণ্ট‌ ইন ডেভেলপমেণ্ট ৰিপ’ৰ্টিং” শিৰোনামেৰে
আৰ্থিক সাহায্য দিয়াৰ উপৰি আন ৫গৰাকীক মেডিয়া ফেল’শ্বীপ আগবঢ়োৱাৰ কথাও চিন্তা কৰা হৈছে।” তৃতীয় বৈঠকত সমল ব্যক্তি হিচাপে “প্ৰাগ নিউজ”ৰ এডিট-ইন-চীফ প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামী আৰু “দৈনিক পূৰ্বোদয়”ৰ সম্পাদক ৰবি শংকৰ ৰবি আদি উপস্থিত থাকে। ৰাজগুৰুৱে উন্নয়নমুখী সাংবাদিকতা সম্পৰ্কে তেওঁৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। ষষ্ঠ অনুসূচীৰ ইতিহাস সম্পৰ্কেও তেওঁ ব্যাখ্যা কৰে। লগতে ক’ভিড-১৯ৰ পৰৱৰ্তীকালত ছপা মাধ্যমলৈ অহা দুৰ্যোগেও তেওঁৰ বক্তব্যত ঠাই পায়। ৰবি শংকৰ ৰবিয়ে চৰকাৰ আৰু মিডিয়াৰ সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। সংবাদ মাধ্যমৰ আইন আৰু নিৰ্দেশনাসমূহ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামীয়ে বহুলভাৱে ব্যাখ্যা আগবঢ়ায়। তাৰ সমান্তৰালভাৱে তেওঁ বাতৰি লিখোঁতে শব্দ প্ৰয়োগ সম্পৰ্কেও নিজৰ অভিমত ব্যক্ত কৰে। আজিৰ দিনজোৰা কাৰ্যসূচীত জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিটিচিৰ জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ডঃ নীলুৎ স্বৰ্গীয়াৰী, বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য অনুপ দে’, উকীল মুছাহাৰী, বিটিচিৰ জনসংযোগ বিভাগৰ যুটীয়া সচিব জ্যোতিৰ্ময় দৈমাৰী, “প্ৰাগ নিউজ”ৰ এডিটৰ-ইন-চীফ প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামী, “দৈনিক পূৰ্বোদয়”ৰ সম্পাদক ৰবি শংকৰ ৰবিৰ উপৰি বিটিআৰ, ডিমা হাছাও আৰু কাৰ্বি স্বায়ত্তশাষিত পৰিষদৰ সাতখন জিলাৰ মুঠ ২০০ সাংবাদিক উপস্থিত থাকে। উল্লেখ্য যে ডিমা হাছাও আৰু কাৰ্বি আংলং স্বায়ত্তশাষিত পৰিষদৰ তিনিজনকৈ মুঠ ছয়জন সাংবাদিকে আজিৰ সাংবাদিক সন্মিলনত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.