সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত পথত চলাচল কৰা ব্যক্তিগত, ব্যৱসায়িক সকলো বাহনৰে সক্ষমতা আৰু সুৰক্ষা নিশ্চিত কৰাক লৈ তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। ১ ফেব্ৰুৱাৰীৰ পৰা আনকি যানবাহনৰ সঠিক নথিপত্ৰ নথকা গৰাকীৰ ঘৰে ঘৰে গৈ অভিযান চলাবলৈকো প্ৰস্তুত হৈছে বিভাগৰ বিষয়া কৰ্মচাৰীৰ দল ৷ চালকৰ অমনোযোগিতা, অজ্ঞতাৰ বাবেই সাধাৰণতে পথ দুৰ্ঘটনা সংঘটিত হয় যদিও বিভিন্ন সময়ত বাহনৰ যান্ত্ৰিক বিজুতি তথা প্ৰাকৃতিক কাৰণতো পথ-দুৰ্ঘটনা সংঘটিত হয়। এনে দুৰ্ঘটনাত বহুলোক অস্বাভাৱিকভাৱে মৃত্যুৰ মুখত পৰাৰ লগতে বহুতেই পঙ্গুত্ব জীৱন কটাবলগীয়া হয়। ইফালে বহুসংখ্যক বাহনৰ যাৱতীয় নথিপত্ৰ সঠিক হৈ নথকা বাবে বহু দুৰ্ঘটনাগ্ৰস্ত লোকে চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা প্ৰয়োজনীয় ক্ষতিপূৰণ নাপাই দিকবিদিক হেৰুৱাবলগীয়া হয়। সেয়ে যানবাহনৰ বিভিন্ন যন্ত্ৰপাতি তথা ফিটনেছ পৰীক্ষাৰ লগতে যাৱতীয় নথি-পত্ৰৰ পৰীক্ষা আৰু নৱীকৰণ কৰাটো অত্যন্ত প্ৰয়োজন। যান্ত্ৰিক বিজুটিত বাহন এখন চলোৱাটো যিদৰে অসম্ভৱ, সেইদৰে সঠিক নথিপত্ৰ নাথাকিলে বাহনখন নিৰ্ভয়, সুৰক্ষা আৰু শংকামুক্তভাৱে চলোৱা সম্ভৱ নহয় ৷ সেয়েহে অনতিপলমে আপোনাৰ বাহনৰ নথিপত্ৰসমূহ পৰীক্ষা আৰু নৱীকৰণ কৰক ৷ যদিহে আপুনি সময়মতে যানবাহনৰ কৰ আদায় দিয়া নাই তেন্তে বকেয়াসহ যাৱতীয় সকলো কৰ অনতিপলমে আদায় দিয়ক। এই জৰুৰী আৰু বিনম্ৰ আহ্বান অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ৷ তেওঁ কয় যে বিভিন্ন উৎসৱ পাৰ্বনৰ এই ব্যস্ততাময় সময় আৰু নিশা হলেই কুঁৱলীৰ ডাঠ আচ্ছাদনে সন্মুখৰ পথ মনিব নোৱাৰা বিপজ্জনক অৱস্থাত কোনো পথ-দুৰ্ঘটনাই যাতে কাৰো জীৱনলৈকে বিষাদ কঢ়িয়াই আনিব নোৱাৰে তাৰবাবে পৰিবহণ বিভাগে পাৰ্যমানে অভিযান অব্যাহত ৰাখিছে । সেয়ে ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথিপত্ৰ নথকা কোনো অবৈধ বাহনে যাতে পথ-সুৰক্ষা ভঙ্গ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে। এইক্ষেত্ৰত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে অতি বিনম্ৰতাৰে আহ্বান জনায় কয় যে, বাহনৰ গৰাকীয়ে অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি লওক আৰু সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হওক ৷ প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখন পথত চলাচলৰ উপযোগী হোৱাকৈ বকেয়াসহ বৰ্তমানৰ যাৱতীয় সকলো কৰ পৰিশোধ কৰি চালকৰ অনুজ্ঞাপত্ৰ, ফিটনেছ, পাৰ্মিট, প্ৰদূষণমুক্তকে ধৰি নথিপত্ৰসমূহ সঠিক কৰি ল’বলৈ পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে যানবাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনাইছে ।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ