কোভিড ১৯ৰ পৰিপ্ৰেক্ষিতত অসমৰ পৰিবহন ক্ষেত্ৰৰ বাবে এক বৃহৎ সকাহ অসম চৰকাৰে ব্যাপক পৰিমাণে হ্ৰাস কৰিলে যানবহনৰ ফীটনেচ চাৰ্টিফিকেটৰ লেট ফী

0 216

কোভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যানবাহনৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে এককালীন নিষ্পত্তিৰ এক আঁচনি প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে যিসকলে কোভিড অতিমাৰীৰ কালছোৱাত সম্পূৰ্ণ লকডাউন প্ৰযোজ্য থকা হেতু সময়তে গাড়ীৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণ কৰিব পৰা নাই তেওঁলোক ন্যুনতম লেট ফী প্ৰদানেৰে এতিয়া এই কাম কৰিব পাৰি। ইয়াৰ বাবে পৰিবহন বিভাগৰ সচিব আদিল খানে অধিসূচনা জাৰি কৰি জনাইছে যে যানবাহনৰ ফীটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে লেট ফী হ্ৰাস কৰা হৈছে আৰু ইয়াৰ বাবে এটা নিৰ্দিষ্ট সময় ধাৰ্য কৰি দিয়া হৈছে। কোৱা হৈছে বান্ধি দিয়া সময়সীমাৰ ভিতৰত হ্ৰাস কৰি দিয়া নবীকৰণৰ বকেয়া ৰাশি জমা কৰিব লাগিব। অহা ১৫ জুলাইৰ পৰা কাৰ্যকৰী হব লগীয়া এই আঁচনি ১৫ অক্টোবৰলৈকে প্ৰযোজ্য থাকিব। এককালীন নিষ্পত্তিৰ এই আঁচনিৰ জৰিয়তে ইমান দিনে প্ৰযোজ্য হৈ থকা দৈনিক ৫০ টকা লেট ফীৰ পৰিবৰ্তে তিনি চকীয়া বাহনৰ বাবে ১০ টকা, বাণিজ্যিক ট্ৰেক্টৰৰ বাবে ১৫ টকা, চাৰি চকীয়া বাহনৰ বাবে ২০ টকা, গধুৰ তথা পৰিবহনৰ নিমিত্তে ব্যৱহাৰ কৰা যানবাহনৰ বাবে ২৫ টকা ধাৰ্য কৰা হৈছে। এই সুযোগ গ্ৰহণ কৰাৰ বাবে বাহনৰ গৰাকীসকলক ‘মটৰ ভেহিকেল ৰড টেক্স’ প্ৰদান কৰি সংশ্লিষ্ট সকলো নথি আপডেট কৰিব লাগিব। “ডিটিঅ কিম্বা এম ভি আই কৰ্তৃক থিতাতে গাড়ীৰ পৰীক্ষা কৰাৰ বাবে এজন গাড়ীৰ মালিকক ধাৰ্য কৰি দিয়া তিনি মাহৰ ভিতৰত হ্ৰাস কৰি দিয়া প্ৰয়োজনীয় লেট ফী জমা কৰিব লাগিব”– খানে এনেদৰে কয়। তেওঁ লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত গাড়ীৰ মালিকে যদি লেট ফী প্ৰদান কৰিব নোৱাৰে তেনেহলে সংশ্লিষ্ট ব্য়ক্তিজনে এই সুবিধা গ্ৰহণ কৰিব নোৱাৰিব। চৰকাৰৰ এই আঁচনিৰ সুবিধা লোৱাৰ বাবে গাড়ীক মালিকক ডি টি অ’ৰ কাৰ্যালয়লৈ যাব নালাগিব। ইয়াৰ পৰিবৰ্তে www.parivahan.gov.in ৱেৱচাইটত অনলাইনৰ মাধ্যমেৰে কিম্বা নিকটতম চি এছ চিত আবেদন জনাব পাৰিব। ইপিনে পৰিবহন সচিবগৰাকীয়ে সকলো ডি টি অ আৰু এম ভি আই-ক ধাৰ্য কৰি দিয়া তিনি মাহৰ ভিতৰত জমা হোৱা লেট ফীসমূহৰ তাৰিখ আৰু সময়ৰ যথাযথ ৰেকৰ্ড মজুত ৰাখিবলি নিৰ্দেশ প্ৰদান কৰিছে। কোৱা হৈছে আবেদন লাভ কৰাৰ ৩০ দিনৰ ভিতৰত ডি টি অ আৰু এম ভি আয়ক আবেদনসমূহ নিষ্পত্তি কৰিব লাগিব। কোভিড অতিমাৰীৰ বাবে প্ৰযোজ্য লকডাউনৰ বাবে গাড়ীক মালিক সকলে যি সমস্যাৰ সন্মুখীন হৈছিল তাৰ পৰা সকাহ লাভ কৰাৰ বাবে খানে গাড়ীৰ মালিকসকলক এই সুবিধা গ্ৰহণৰ বাবে আবেদন জনাইছে। তেওঁ লগতে এয়াই জনাই দিয়ে যে এই সুবিধা গ্ৰহণ কৰিবলৈ ব্যৰ্থ হলে গাড়ীৰ মালিকসকলক ফীটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে পূৰ্বতে নিৰ্ধাৰিত দৈনিক ৫০ টকাকৈ লেট ফী আদায় দিব লাগিব।

Leave A Reply

Your email address will not be published.