কোৱাৰেণ্টাইনত থকা যুৱ সাংবাদিকক সহায়ৰ হাত আগবঢ়ালে বহুজনে

0 365

ক’ৰণা মহামাৰীৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি পাইছে। এই মহামাৰীৰ অন্যতম যোদ্ধা হ’ল চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী আৰু সাংবাদিক সকল।
 
 
 
কৰ্তব্যৰ তাগিদাতে ক’ৰণাত আক্ৰান্ত হৈছে ৰাজ্যৰ বহুকেইগৰাকী সাংবাদিক। অৱশ্যে আক্ৰান্ত সাংবাদিক কেইগৰাকী সম্প্ৰতি কোৱাৰেণ্টাইনত আছে। নৰ্থ ইষ্ট নাও নামৰ ৱেব প’ৰ্টেলৰ যুৱ সাংবাদিক কল্প জ্যোতি শইকীয়া ক’ৰণাত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত আছে।
 
 
 
হোম কোৱাৰেণ্টাইন নোপোৱা পৰ্য্যাপ্ত সা সুবিধাৰ বিষয়ে বাতৰি প্ৰচাৰ পোৱাৰ পিছতেই যুৱ সাংবাদিক গৰাকীক সহায়ৰ হাত আগবঢ়াইছে কেইবাগৰাকী ব্যক্তিয়ে। অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, দিশপুৰ আৰক্ষী থানাৰ আৰক্ষী আয়ুক্ত হিমাংশু দাস,মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই ব্যক্তিগতভাৱে সহায়ৰ হাত আগবঢ়ায়। সাংবাদিক গৰাকীৰ প্ৰয়োজন অনুসৰি মাছ, আম, মৌচুমী, ফলৰ ৰস, কেঁচা পাচলি আদি যোগান ধৰে। এইক্ষেত্ৰত বহুকেইগৰাকী সতীৰ্থ সাংবাদিকে সহায় কৰে।

Leave A Reply

Your email address will not be published.