ক’ৰণাকালীন বিপৰ্যয়ৰ মাজতো কঠোৰ জীৱন যুঁজত ব্ৰতী মাতৃ পুত্ৰৰ কথাৰে

0 218

জীৱন আৰু জীৱিকাৰ তাড়নাত প্ৰখৰ ৰ’দ কিম্বা দপদপীয়া বৰষুণেও যাৰ অপ্ৰতিৰোধ্য গতি স্তিমিত কৰিব নোৱাৰে তেওঁৱে হৈছে ঢকুৱাখনা মহকুমাৰ কষ্টসহিষ্ণু মহিলা জুনু কোঁচ। দৰিদ্ৰতাই কোঙা কৰা পশ্চিম মাছখোৱা অঞ্চলৰ ১নং ঠেকেৰাগুৰি গাঁওৰ এইগৰাকী মহিলাই ক’ৰণা কেন্দ্ৰিক পৰিস্থিতিত একমাত্ৰ পুত্ৰ আৰু এখন বাই চাইকেলকে সাৰথি কৰি দুবেলা দুসাঁজ যোগাবলৈ সমৰ্থ হৈছে। কেউ কিছু নোহোৱা জুনু কোচে কিশোৰ পুত্ৰ সহ পুৱাই প্ৰাত্যহিক কৰ্তব্য হিচাপে চাইকেল খন লৈ ওলাই গাঁৱত উৎপাদিত শাক পাচলি ঘৰে ঘৰে গৈ ক্ৰয় কৰে। উৎকট গৰম কিম্বা মুষলধাৰ বৰষুণকো উপেক্ষা কৰি সঞ্চিত নুন্যতম পুঁজিৰে শাক পাচলি ক্ৰয় কৰি আনি মহিলা গৰাকী ১২ বছৰীয়া পুত্ৰ পল্লৱ জ্যোতি কোচৰ সৈতে ওলাই আহে নগৰাঞ্চললৈ।দৈনিক প্ৰায় ২০-২৫ কিলোমিটাৰ পথ চাইকেল চলাই মাতৃ,পুত্ৰই অব্যাহত ৰাখি আহিছে পেটৰ ভোক নিবাৰণৰ জীৱন সংগ্ৰাম। পশ্চিম মাছখোৱাৰ আমোলগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ পল্লব জ্যোতিৰ সহপাঠী সকলে যিসময়ত অনলাইন শিক্ষা গ্ৰহণ কৰি জীৱন গঢ়াৰ বাবে প্ৰয়াস কৰিছে, সেই সময়ত ভোক নিবাৰণৰ বাবে দৰিদ্ৰ মাতৃৰ দুবেলা দুসাঁজ গোটোৱাৰ জীৱন যুদ্ধত নিয়োজিত হোৱা পুত্রৰ কৰ্মই ঢকুৱাখনাৰ গ্ৰাহক সকলৰ মনত গভীৰ ৰেখাপাত কৰিছে।
খবৰ যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই ..

Leave A Reply

Your email address will not be published.