ক’ৰণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে

0 224

ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে পৰ্য্যালোচনা কৰাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
 
 
 
 
ৰাজহ চক্ৰ পৰ্য্যায়ত গঠন কৰা টাস্ক ফৰ্চ সমূহৰ বিষয়ববীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকল, পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া সকল আৰু সুলভ মূল্যৰ দোকানী সকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত উপায়ুক্ত গৰাকীয়ে অৱগত কৰে যে, জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে শিৱসাগৰ নগৰৰ ৱাৰ্ড সমূহত অত্যাৱশ্যকীয় সামগ্ৰী সমূহ প্ৰশাসনে নির্দিষ্ট কৰি দিয়া সুলভ মূল্যৰ দোকানী আৰু খুচুৰা বিক্রেতা সকলৰ জৰিয়তে ঘৰে ঘৰে যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সমূহ সুলভ মূল্যৰ আৰু খুচুৰা দোকান সমূহত ৰাইজে ফোনযোগে যোগাযোগ কৰিব পাৰিব। অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকান অর্থাৎ গেলামাল দোকান সমূহ (grocery shops)-ত বিক্রেতা সকলে ইচ্ছা কৰিলে বিক্ৰীৰ বাবে শাক পাচলি মজুত ৰাখিব পাৰিব বুলি অৱগত কৰে।
 
 
 
কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাটো অপৰিহাৰ্য বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে, জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সমূহে সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা প্ৰভাৱ পেলাব বুলি দৃঢ় বিশ্বাস ব্যক্ত কৰে। জিলা উপায়ুক্তই ৰাজহ চক্ৰ পৰ্য্যায়ত গঠন কৰা টাস্ক ফৰ্চ সমূহৰ বিষয়-ববীয়া সকলকো অতিশীঘ্ৰে সংশ্লিষ্ট ৰাজহ চক্ৰ সমূহতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
 
 
বৈঠকত জিলা উপায়ুক্তই অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে ধাৰ্য কৰা সময় পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে বাহাল থাকিব বুলি দোহাৰে। এইক্ষেত্ৰত কোনো সালসলনি কৰা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে।
 
 
উপায়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে ক’ৰণা ভাইৰাছ সন্দৰ্ভত ওজৰ আপত্তি আৰু কিবা জানিবলগীয়া থাকিলে ১০৭৭, ০৩৭৭২-২২৩৩৯৭ ,৮৪৭১৮৬৪৩৫৫ নম্বৰ সমূহত ৰাইজে ফোনযোগে যোগাযোগ কৰিব পাৰিব। এই বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ  সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে।
 
 
উল্লেখযোগ্য যে, শিৱসাগৰ জিলা প্ৰশাসন আৰু লায়ন্স ক্লাৱৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি আৰু লখিমী নগৰত শ্রমজীৱী তথা দিন হাজিৰা কৰা প্ৰায় ২০০ গৰাকী লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে স্থানীয় ষ্টেচন চাৰিআলিত খাদ্য সামগ্ৰী বিতৰণৰ দ্বাৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অতিৰিক্ত উপায়ুক্ত বিদিত দাসেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা উপায়ুক্তই জানিব দিয়া মতে, দৰিদ্ৰ শ্রমজীৱী ৰাইজৰ সুবিধাৰ বাবে তেওঁলোকৰ পৰস্পৰৰ মাজত এক মিটাৰ ব্যৱধান ৰাখি এনেদৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমগ্র জিলাখনৰ অন্যান্য স্থানত বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব। আৰু এই প্ৰক্ৰিয়া লক্ ডাউনৰ দিন কেইটাত অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.