ক’ৰণাত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে কামাখ্যা ৰেলৱে ষ্টেচনত আইছ’লেছন ৱাৰ্ড সাজু কৰিছে ৰেলৱেৰ কৰ্তৃপক্ষই

0 251

বিশ্বজুৰি আতংক সৃষ্টি কৰা ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি চলি ২১ দিনীয়া থকা লক ডাউনৰ মাজতে ৰেলৱে ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি দেশৰ আন ৰেলৱে মণ্ডলৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষই ক’ৰণাক ৰোগীক চিকিৎসা প্ৰদান আৰু পৃথককৈ ৰাখিবৰ বাবে যাত্ৰীবাহী আইছ’লেছন ৱাৰ্ডলৈ উন্নীত কৰণৰ বাবে সাজু কৰি ৰাখিছে।
 
 
উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে ৰেলৱে ব’ৰ্ডৰ নিৰ্দেশনাৰ পিছতেই আজি ৰেলৱেৰ চিকিৎসা বিভাগে কামাখ্যা ৰেল ষ্টেচনত এখন দহটা ডবাযুক্ত যাত্ৰীবাহী ৰেলত ক’ৰণাত আক্ৰান্ত সন্দেহজনক ৰোগীক আছুতীয়াকৈ ৰাখিবৰ বাবে চিকিৎসালয় আৰ্হিত আইছ’লেছন ৱাৰ্ড স্থান কাম আৰম্ভ কৰিছে।এটা ডবাৰ কাম ইতিমধ্যে সমাপন হৈছে।বাকী ৯টা ডবাৰ আইছ’লেছন কাম দুই তিনি দিনতে সম্পূৰ্ণ হ’ব।
 
তেনেদৰে পৰৱৰ্তী পৰ্য্যায়ত ডিব্ৰুগড় ৰেলৱে ষ্টেছনত আইছ’লেছন ৱাৰ্ড সাজু কৰা হ’ব বুলি জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.