দুমাহৰ ভিতৰত নিৰ্মাণ হ’ব ক’ৰণাত আক্ৰান্ত ৰোগীৰ চিকিৎসালয়

0 223

ডিব্ৰুগড়ত ক’ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে দুমাহৰ ভিতৰত ৩০০খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰা হ’ব ।ক’ৰণা ভাইৰাছে সৃষ্টি কৰা পৰিৱেশৰ লগত মোকাবিলা কৰিবলৈ এই চিকিৎসালয়খন জৰুৰীভাৱে নিৰ্মাণ কৰা হ’ব।এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
 
 
 
 
চিকিৎসালয়খন নিৰ্মাণ বাবে সাংসদ, মন্ত্ৰী, বিধায়কৰ দান বৰঙণি আগবঢ়োৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে কালিলৈ চিকিৎসালয়খনৰ বাবে ভূমি চিনাক্ত কৰা হ’ব বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.