কৰ্মশালা অনুষ্ঠিত

0 237

কৃষি বিজ্ঞান কেন্দ্ৰত কাঠফুলা খেতি সন্দৰ্ভত কৰ্মশালা ৬ অক্টোবৰত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যোগত আজি বছৰজোৰা কাঠফুলাৰ খেতি  শীৰ্ষক কৃষক প্ৰশিক্ষণৰ আৰম্ভণিৰ দিনা মুখ্য অতিথি হিচাপে ভি ডি অ’ কনফাৰিঞ্চৰ জৰিয়তে অংশগ্ৰহণ কৰে গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজাই।
 
 
 
আনহাতে অনুষ্ঠান টোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা । ভাষণ প্ৰসংগত বিধায়িকা ডেকাই উচ্চ বজাৰৰ চাহিদা থকা কাঠফুলাৰ খেতিত মনোনিবেশ কৰিবলৈ উদ্যোগী সকলক পৰামৰ্শ দিয়ে । অনুষ্ঠানটোত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ তীৰ্থংকৰ দাস আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা উপস্থিত থাকে । ডক্টৰ মধুমিতা কটকীয়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে উদ্দেশ্য বাখ্যা কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ ধীৰেন্দ্র নাথ কলিতাই । অনুষ্ঠান টোৰ শেষত শলাগৰ শৰাই আগবঢ়াই ডক্টৰ ইনাক্ষী ডেকাই ।

Leave A Reply

Your email address will not be published.