যোৱা ১০ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা খেলো ইণ্ডিয়াত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল পশ্চিম গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৱৰ্তীৰ যোগীপাৰাৰ সূৱৰ্ণ কলিতাই । অসমৰ হৈ ৪০০মিটাৰ ২১ অনুৰ্ধৰ শিতানত স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা সূৱৰ্ণ কলিতাৰ বাসগৃহত এতিয়া আনন্দমুখৰ পৰিবেশ । সুৱৰ্ণৰ এই সফলতাক স্থানীয় দল সংগঠন, জনপ্ৰতিনিধিকে আদি কৰি ৰাইজে শুভেচ্ছা জনাইছে ।বৃহস্পতিবাৰে সুৱৰ্ণ কলিতাৰ বাসগৃহত কংগ্ৰেছ নেত্ৰী জুৰী শৰ্মা বৰদলৈসহ কেইবাজনলোক উপস্থিত থাকে । ৰাণী ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী দেৱ বড়ো নাথ , দিপেন বৰুৱা , পশ্চিম গুৱাহাটীৰ যুৱ কংগ্ৰেছৰ সভাপতি ৱাচিম আক্ৰামৰ লগতে কেইবাগৰাকী কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত জুৰী শৰ্মা বৰদলৈয়ে সূৱৰ্ণক সম্বৰ্ধনা জ্ঞাপন কৰি অনাগত দিনত প্ৰয়োজন অনুসৰি যিকোনো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নেত্ৰী গৰাকীয়ে ।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা