ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বান খহনীয়াৰ কৰাল গ্ৰাসত পৰি ১৯৯৮ চনৰ পৰাই ভূমিহাৰা ,গৃহহাৰা হোৱা মাতমৰা আৰু খেৰকটা পঞ্চায়তবাসীৰ নাৰ্য প্ৰাপ্য বিচাৰি বিগত ২০০৭ চনৰ পৰাই অবিৰাম গণ সংগ্ৰাম চলাই অহা খেৰকটা মাতমৰা নৈপৰীয়া পুনৰ সংস্থাপন দাবী সমিতিৰ এখন ৰাজহুৱা সভা মঙ্গলবাৰে অনুষ্ঠিত হয়। বিগত প্ৰায় ১৪ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত সৰ্বস্ব সপি দি সৰ্বশ্ৰান্ত হোৱা দুই পঞ্চায়তৰ ডেৰ শতাধিক ভুক্তভোগী পৰিয়ালৰ প্ৰতিনিধিৰ উপস্থিতিত বাহিৰ টেকেলিফুটা গাঁওত এই সভাখন অনুষ্ঠিত হয়। বিশিষ্ট নাগৰিক গুঞ্জ লাল দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে কক পেগুৱে। বান খহনীয়া পীড়িত নদীপৰিয়া মাতমৰা খেৰকটা পঞ্চায়তৰ ৭ শতাধিক দৰিদ্ৰ পৰিয়ালৰ পুনঃসংস্থাপন বিচৰা সংগ্ৰামখনক অধিক গতিশীল কৰি তুলিবলৈ এখন নতুন শক্তিশালী সমিতি গঠন কৰাত গুৰুত্ব আৰোপ কৰি পেগুৱে আৰু ১৪খন গাঁওৰ ভুক্তভোগী পৰিয়াল উপস্থিত থকা সভাত নাৰ্য প্ৰাপ্য বিচৰা বিষয়টো বিস্তৃত আলোচনা কৰাৰ আহ্বান জনায়। সভাত পূৰ্ণকান্ত দলে , অমৰজিত দলে , দেবানন্দ দলে, অভিৰাম পেগু , বীৰেন পেগু আদি বিভিন্ন বক্তাই বিগত ১৪ বছৰ ধৰি এই সমিতিখনে ভুক্তভোগী ৰাইজৰ হৈ অব্যাহত ৰখা নিঃস্বাৰ্থ সংগ্ৰামী স্থিতিৰ শলাগ লৈ অনাগত সময়ত অধিক সক্ৰিয়তাৰে পুনৰ সংস্থাপনৰ বিষয়টো আগুৱাই নিয়াৰ বাবে এখন নতুন সমিতি গঠনৰ পোষকতা কৰে। লগতে এক মুনাফা লোভী চক্ৰই মুষ্টিমেয় গাঁওৰ সদস্যক লৈ সমান্তৰাল ভাৱে অন্য এখন সমিতি গঠন কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে সভাত। উপস্থিত ৰাইজেও ভবেশ দলেক সভাপতি আৰু ৰমেন পেগুক সম্পাদক হিচাবে লৈ গঠন কৰা একে নামৰ সমিতিখন অবৈধ বুলি ঘোষণা কৰাৰ আহ্বান জনায় সভাত । সভাতেই উপস্থিত ১৪ খন গাঁওৰ প্ৰতিনিধিৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিত দেবানন্দ দলেক সভাপতি , ৰনোজ পাতিৰক সম্পাদক , ফুল কুমাৰ লাগাচু , লেনিন পেগু , কক পেগু , যতীন পেগুক উপ সভাপতি , অমৰজিৎ দলে , প্ৰসেনজিত পেগু , মনোজ পেগু , ভবেন্দ্ৰ পেগুক সহকাৰী সম্পাদক , বীৰেন পেগু আৰু টিকেন্দ্ৰ দলেক কোষাধ্যক্ষ হিচাপে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰা হয় । নবগঠিত সমিতিখনে ২০০৭ চনৰ পৰা অব্যাহত ৰখা নাৰ্য প্ৰাপ্য বিচৰা গণতান্ত্ৰিক সংগ্ৰামখনক অধিক তীব্রতৰ কৰি তোলাৰ সিদ্ধান্ত ব্যক্ত কৰে । সভাত নদীপৰীয়া দৰিদ্ৰ সৰ্বশ্ৰান্ত ৭৪৬টা পৰিয়ালৰ প্ৰাপ্য আদায়ৰ স্বাৰ্থত শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজহ মন্ত্ৰী যোগেন মহন , শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণক লগ ধৰি ৰাইজৰ অভাৱ সমস্যাৰ স্থ্যয়ী সমাধান কৰিবলৈ এটা সঁজাতি দল যোৱাৰো প্ৰস্তাৱ গ্ৰহণ কৰে। বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি