অহা ২৬ জানুৱাৰীত সমগ্র দেশে গণতন্ত্র দিৱস পালন কৰিব।মহানগৰীৰ খানাপাৰাতো কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি অব্যাহত আছে।খানাপাৰাৰ গণতন্ত্র দিৱসৰ প্ৰস্তুতি সম্পর্কে আজি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে পেৰেড গ্ৰাউণ্ডত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।এইবাৰ গণতন্ত্র দিৱসত অসম ৰাইফলছে সমৰকলা প্ৰদৰ্শন কৰিব।ইয়াৰ উপৰিও বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ শিবিৰৰ ব্যৱস্থা কৰা হৈছে।লগতে তেখেতে কয় যে বিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।১০০ বছৰৰ উৰ্ধৰ ব্যক্তি সকলক বিশেষভাৱে নিমন্ত্রণ প্ৰদান কৰিব।ইয়াৰ সমান্তৰালভাৱে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব।আৰু সকলোকে গণতন্ত্র দিৱসৰ কাৰ্যসূচী উপভোগ কৰিবলৈ আমন্ত্রণ জনায়।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন