সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ সদৰতো কালি ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে গোলাঘাট নগৰৰ সমন্বয় পথাৰত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাবে অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ কৃষি, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই । মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু সংগ্ৰামী সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । লগতে দেশখনৰ সাৰ্বভৌমত্ব আৰু সংহতি সুৰক্ষিত ৰাখিবলৈ সীমান্তত নিজৰ জীৱন উছৰ্গা কৰা বীৰসকললৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ নিজৰ ভাষণত বিগত সময়ত জিলাখনত ৰূপায়ন কৰা বিভিন্ন চৰকাৰী বিভাগৰ সফলতাৰ খতিয়ান দাঙি ধৰে । নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাইজক আস্থাত লৈ উন্নয়নমুখী যাত্ৰাৰে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে । তেওঁ কয় যে কৃষি, শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগৰ উদ্যোগত ৰাজ্য তথা জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বিকাশৰ বাবে চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰিছে । আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণক সক্ৰিয় অংশীদাৰ হোৱাৰ লগতে আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত মুক্তি যুঁজাৰুৰ সতি সন্ততিসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বহুকেইটা সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে আৰু কেইবাটাও চৰকাৰী বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰে । গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ কুচকাৱাজত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ছাত্ৰ-ছাত্ৰী আদিকে ধৰি বহুকেইটা দলে অংশগ্ৰহণ কৰে । আজিৰ কাৰ্যসূচীত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান