সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ সদৰতো কালি ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে গোলাঘাট নগৰৰ সমন্বয় পথাৰত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাবে অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ কৃষি, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই । মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু সংগ্ৰামী সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । লগতে দেশখনৰ সাৰ্বভৌমত্ব আৰু সংহতি সুৰক্ষিত ৰাখিবলৈ সীমান্তত নিজৰ জীৱন উছৰ্গা কৰা বীৰসকললৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ নিজৰ ভাষণত বিগত সময়ত জিলাখনত ৰূপায়ন কৰা বিভিন্ন চৰকাৰী বিভাগৰ সফলতাৰ খতিয়ান দাঙি ধৰে । নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাইজক আস্থাত লৈ উন্নয়নমুখী যাত্ৰাৰে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে । তেওঁ কয় যে কৃষি, শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগৰ উদ্যোগত ৰাজ্য তথা জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বিকাশৰ বাবে চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰিছে । আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণক সক্ৰিয় অংশীদাৰ হোৱাৰ লগতে আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত মুক্তি যুঁজাৰুৰ সতি সন্ততিসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বহুকেইটা সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে আৰু কেইবাটাও চৰকাৰী বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰে । গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ কুচকাৱাজত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ছাত্ৰ-ছাত্ৰী আদিকে ধৰি বহুকেইটা দলে অংশগ্ৰহণ কৰে । আজিৰ কাৰ্যসূচীত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি