অসম গ্রামীণ বিকাশ বেংকৰ উদ্যোগত আৰু পি এফ আৰ ডি অফ নতুন দিল্লীৰ সহযোগত উপৰহালীস্থিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ সভাগৃহত যোৱা ২৫ জানুৱাৰীত এখন সজাগতা মূলক সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পি.এফ.আৰ.ডি.এফ, নতুন দিল্লীৰ মূখ্য মহা প্রৱন্ধক আশিষ কুমাৰে কেন্দ্রীয় চৰকাৰৰ এই আঁচনিখনৰ ওপৰত আলোকপাত কৰে। লগতে উপস্থিত থকা পি.এফ.আৰ. ডি. এফৰ উপ মহাপ্রবন্ধক প্রিয়াংকা গুপ্তাই অটল পেঞ্চন যোজনাৰ বৈশিষ্ট্য প্রয়োজনীয়তা, লাভালাভ, এই আচনি অন্তর্ভুক্তি আদি বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত বিৱৰণ দাঙি ধৰে। অনুষ্ঠানত অসম গ্রামীণ বিকাশ বেংকৰ অধ্যক্ষ দেবাশিষ গংগোপধ্যায় আদষণি ভাষণ পাঠ কৰা সভাত ভাৰতীয় ষ্টেট বেংকৰ সহকাৰী মহা মহাপ্ৰৱন্ধক মনোজ চেন, কামৰূপ জিলা জিলা অগ্রণী বেংক বিষয়া ধর্মেন্দ্র সিং, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ প্রকল্প প্রবন্ধক প্রিতম কাশ্যপে উপস্থিত থাকি আঁচনি ওপৰত ভাষণ প্ৰদান কৰে। সভাত অসম গ্রামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয় বিষয়া দর্পণ বৰাই আঁতধৰা অনুষ্ঠানটোত কামৰূপ জিলাৰ বিভিন্ন বেংকৰ পৰিচালক, অসম গ্ৰামীণ জীৱিকা অভিযানৰ জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়ববীয়া, ডাকঘৰ পঞ্চায়ত আদি বিভিন্ন বিভাগৰ বিষয় ববীয়াসকল উপস্থিত থাকে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি