গান্ধী জয়ন্তী উপলক্ষে মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ ৩ টাকৈ আন্তৰাষ্ট্ৰীয় শান্তি বঁটা

0 321

অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত মহাত্মা গান্ধীৰ আদৰ্শৰ আধাৰত হিংসা, হত্যা আৰু বিভিন্ন অসামাজিক অপশক্তি তথা কাৰ্যকলাপৰ বিৰুদ্ধে যোৱা দুটা দশকজুৰি অহিংসা নীতিৰে শান্তি আৰু মানৱতাৰ হকে নিৰলস সেৱা আগবঢ়াই অহা অসমৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ তিনিটাকৈ আন্তৰাষ্ট্ৰীয় অনুষ্ঠানে গান্ধী জয়ন্তী উপলক্ষে আগবঢ়াইছে  ইণ্টাৰনেচ্যনেল পিচ এৱাৰ্ড ২০২০ মহাত্মা গান্ধী ইণ্টাৰনেচ্যনেল নবেল পিচ এৱাৰ্ড ২০২০ আৰু লণ্ডনস্থ ওৱৰ্ল্ড পিচ কাউন্সিল এ আগবঢ়াইছে  ওৱৰ্ল্ড পিচ এৱাৰ্ড ২০২০৷
 
 
উল্লেখযোগ্য যে অহিংসা পথেৰে শান্তি আৰু মানৱতাৰ হকে কৰি অহা সংগ্ৰামৰ বাবে ড° দিব্যজ্যোতি শইকীয়াক প্ৰখ্যাত গান্ধীবাদী নেতা আন্না হাজাৰে তেওঁ টীম আন্নাত অন্তৰ্ভুক্ত কৰি শান্তি আৰু অহিংসাৰ অন্যতম সৈনিক হিচাপে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে৷ অন্ধবিশ্বাস, সাম্প্ৰদায়িকতা, সন্ত্ৰাসবাদ আদিৰ বিৰুদ্ধে তথা শান্তিৰ হকে সেৱা আগবঢ়াই অহা ড° দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে বিহাৰৰ পৰা “শ্বহীদ তিলকা মাঝী ৰাষ্ট্ৰীয় সন্মান ২০২০ বঁটা” কৰ্ণাটকৰ পৰা প্ৰকাশিত দুখন ৰাষ্ট্ৰীয় আলোচনীৰ পৰা “এছিভাৰ্চ আইকণ এৱাৰ্ড ২০২০” ৰাষ্ট্ৰীয় বঁটা, ষ্টাৰ ইণ্ডেপেণ্ডেণ্ট ৰাষ্ট্ৰীয় বঁটা, নেলচ্যন মাণ্ডেলা আন্তৰাষ্ট্ৰীয় শান্তি বঁটা, জেম ইণ্ডিয়া এৱাৰ্ড, ভাৰ্চেটাইল জিনিয়াচ এৱাৰ্ড ২০২০, মনিপুৰৰ পৰা হিজ্যম ইৰাৱট ৰাষ্ট্ৰীয় শান্তি বঁটা আদি সন্মানেৰে বিভূসিত হোৱা ড° শইকীয়াই কয় যে-
মানৱতা অবিহনে বিশ্বত শান্তি অসম্ভৱ ৷ আনহাতে শান্তি অবিহনে প্ৰগতি অসম্ভৱ ৷ মানৱ জাতিৰ প্ৰগতিৰ বাবে অহিংস পথ আৰু শান্তি হ’ল অতি অপৰিহাৰ্য্য ৷ কিন্তু একাংশ সাধাৰণ জনতা তথা চৰকাৰ আৰু চৰকাৰী পক্ষই শান্তিকামী নেতা আৰু নেতৃত্বক সময়ে সময়ে দুৰ্বল বুলি অবহেলা কৰাটো মানৱ জাতিৰ বাবে দুৰ্ভাগ্যজনক ৷

Leave A Reply

Your email address will not be published.