গাহৰি পালক সৈতে মত বিনিময় কৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই

0 230

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ থলুৱা জাতৰ উন্নত গাহৰি পালনৰ বাবে বিখ্যাত ৰাণী অঞ্চলৰ সজনপাৰা, বাক্ৰাপাৰা, আদি অঞ্চলত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শুক্ৰবাৰে কেইবাখনো ব্যক্তিগত গাহৰি পাম পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ড° নাৰায়ণ দেউৰী, ড° ৰাধিকা বড়ো আৰু ড° ডলী বৰাই বিধায়ক গৰাকীক সংগ দিয়ে।
 
 
আনহাতে বিধায়ক গৰাকীয়ে গাহৰি পালকৰ সৈতে পামত মত বিনিময় কৰাৰ লগতে উজনি অসমৰ কেবাখনো জিলাত দেখা দিয়া ছোৱাইন ফ্লু ৰ পৰা কিদৰে গাহৰিবোৰক ৰক্ষা কৰিব পাৰি তাৰ বাবে পশু চিকিৎসকসকলক দিহা পৰামৰ্শ মানি চলিবলৈ আহ্বান জনায়।
 
 
তাৰ পিছতে ৰাণী আঞ্চলিক পঞ্চায়তৰ উদ্যোগত ৰাণী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভাগৃহত ক’ৰ’ণা সজাগতা সভাতো ভাগ লয় বিধায়ক গৰাকীয়ে। ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনৰ পৌৰাহিত্যত সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত হোৱা সভাখনত ৰাণীৰ খণ্ড উন্নয়ন বিষয়া মুনীন্দ্ৰ কুমাৰ হাজৰিকা, পশু চিকিৎসক ড° নাৰায়ণ দেউৰী, জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী, কাহীকুছি গাও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, আঞ্চলিক সদস্যা ৰজিদা বেগম, আজাৰা গাও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰদীপ দাস, ৰংমন টুৰিজিম ছ’চাইটিৰ কৰ্মকৰ্তা প্ৰমোদ কলিতা আৰু অগপ নেতা চবিন নাথকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাগ লয়।

Leave A Reply

Your email address will not be published.