গাড়ীগাঁৱ , জালুকবাৰীত ঘৰতে সকলোৱে পঢ়িলে ঈদ-উদ – জোহাৰ নামাজ

0 228

বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগ আৰু ভাতৃত্ব বোধৰ উৎসৱ হিচাপে পৰিগণিত হৈ অহা ঈদ – উদ – জোহাৰৰ সমূহীয়া নামাজ এইবাৰ ক’ভিড মহামাৰীৰ বাবে কতো সম্পন্ন নহ`ল । ক’ভিডৰ গণ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে গাড়ীগাঁৱ , জালুকবাৰীকে ধৰি কাষৰীয়া অঞ্চলৰ ইছলাম ধৰ্মী লোক সকলে আজি পুৱা নিজ ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি নামাজ আদায় কৰে । অৱশ্যে চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি উত্তৰ জালুকবাৰী বুঢ়া মছজিদত মছজিদৰ ইমাম হাফিজ আজিজুৰ ৰহমানে ইমামতি কৰা নামাজত মাত্ৰ পাঁচজন ব্যক্তি ক্ৰমে আতিন আলী , আবুল আলী , ৰাণা আলী , আছিফ ইকবাল আৰু ৰেকিবুদ্দিন আলীয়ে ভাগ লয় । এই সন্দৰ্ভত গাড়ীগাৱ ঈদগাহ কমিটিৰ সভাপতি আলহাজ আলতাফ হুছেইন , জালুকবাৰী ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক আবুল আলীয়ে জানিবলৈ দিয়া মতে বিগত ২০২০ বর্ষতো ক’ভিড মহামাৰীৰ বাবে নিজ ঘৰতে সকলোৱে পৰিয়ালৰ সদস্য সকলৰ সৈতে নামাজ আদায় কৰিছিল । একেদৰে আজিও ক’ভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে নিজ ঘৰতে সকলোৱে নামাজ আদায় কৰিব লগীয়া হয় । অৱশ্যে মহান আল্লাই মানৱ জাতিৰ বাবে অতি শীঘ্ৰেই ভাল দিন আনিব বুলিও দুয়োজন কৰ্মকর্তাই সদৰি কৰি সকলোৱে চৰকাৰৰ নীতি নিৰ্দেশনা মানি নিজ ঘৰতে নামাজ আদায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
বাতৰি যুগুতালে ছয়গাৱৰ পৰা জিতুমণি দাসে ।

Leave A Reply

Your email address will not be published.