গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ২০২৫ চনৰ ২১-২২ জানুৱাৰীত মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সংস্কৃতিক মুখ্য বিষয় হিচাপে লৈ এখন আন্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই বিশেষ সম্মিলনখনৰ লক্ষ্য হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কক ৰোমন্থন কৰা। মস্কোৰ ৰাছিয়ান ষ্টেট ইউনিভাৰছিটি ফৰ দা হিউমেনিটিজ, ইনষ্টিটিউট অব্ অৰিয়েণ্টেল ষ্টাডিজ, প্রাইমাকভ ইনষ্টিটিউট অব্ ৱৰ্ল্ড ইক’নমি এণ্ড ইণ্টাৰনেচনেল ৰিলেচনছ আৰু ইৰাকৰ কুট ইউনিভাৰছিটি কলেজৰ সহযোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অব হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্স বিভাগে এই সম্মিলনখনৰ আয়োজন কৰিছে। গৱেষক আৰু অনুশীলনকাৰীসকলক সম্মিলনত উপস্থাপনৰ বাবে নতুন আৰু মৌলিক অন্তর্দৃষ্টিসম্পন্ন উচ্চমানৰ গৱেষণাপত্র দাখিল কৰিবলৈ আমন্ত্রণ জনোৱা হৈছে। এবষ্ট্রেক পত্র দাখিলৰ চূড়ান্ত তাৰিখ ২০২৪ৰ ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছিল যদিও ২০২৫ বৰ্ষৰ ১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। নির্বাচিত অংশগ্রহণকাৰী সকলক অহা ১৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ গৱেষণাপত্র জমা দিবলৈ কোৱা হৈছে। ইচ্ছুকসকলে তেওঁলোকৰ এবষ্ট্রেকপত্র https://forms.gle/6DjA2tSsjxmNU7S7Aত প্ৰেৰণ কৰিব পাৰিব। অধিক তথ্যৰ বাবে তেওঁলোকে ড° ভাস্বতী শর্মা (ফোন ৯৭০৬৯২৭৫৪৬) অথবা ডঃ বন্দিতা বৰুৱা (ফোন ৮৭২৪০৯৭৩৯১)ৰ সৈতে যোগোযোগ কৰিব পাৰিব। ইয়াৰ উপৰি অধিক তথ্যৰ বাবে [email protected] লৈ মেইল কৰিব পাৰিব। গুণগত মানৰ গৱেষণাপত্র সম্পাদিত খণ্ডত প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ