গুণোৎসৱত অংশগ্ৰহণ কৰিলে ৰাজ্যচৰকাৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্তই- অসম-মেঘালয় সীমান্তৰ এল পি স্কুলৰ গুণোৎসৱৰ কাৰ্যসূচীত জিলা উপায়ুক্তৰ অংশগ্ৰহণ

0 260

ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্তই আজি হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিদ্যালয়খনৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ বুজ লোৱাৰ উপৰি শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-মিনিময় কৰি তেঁওলোকৰ শৈক্ষিক উত্তৰণৰ বুজ লয়।
অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ ব্যক্ত কৰে যে বিদ্যালয়খনৰ সুন্দৰ তথা পৰিপাটি পৰিৱেশে তেওঁক আপ্লুত কৰিছে। এই পৰিৱেশ সদায়ে অক্ষুন্ন ৰাখি গুণগত শিক্ষাৰ উৎকৰ্ষ সাধনত ব্ৰতী হোৱাৰ বাবে তেওঁ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়। বৰ্তমানৰ যুগটোক প্ৰতিযোগিতাৰ যুগ বুলি উল্লেখ কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সকলোকে সমান সুবিধা প্ৰদানৰ পথ প্ৰশস্ত কৰিছে বুলিও তেওঁ কয়। গুণোৎসৱে অসমৰ শিক্ষা খণ্ডৰ উত্তৰণত অনৱদ্য ভূমিকা পালন কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
আনহাতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াইও আজি কামৰূপ জিলাৰ নিৰ্ধাৰিত বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয়।
আনহাতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আজি অসম-মেঘালয় সীমান্তৰ আপাৰ লাম্পীৰ হিমালয়া প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি এগৰাকী শিক্ষকৰ ৰূপত অৱতীৰ্ন হোৱাৰ উপৰি বহিঃমূল্যায়কৰ ৰূপত অৱতীৰ্ন হৈ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উৎকৰ্ষতাৰ বুজ লয়। উপায়ুক্ত গৰকীয়ে লগতে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে একেলগে বহি মধ্যাহ্ণ ভোজন কৰে। বিদ্যালয়খন পৰিদৰ্শনৰ সময়ত জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাহুল এচ জাবিৰো উপস্থিত থাকে।
তদুপৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে ৰাজ্যচৰকাৰৰ প্ৰধান সচিব অৱিনাশ যোশী, আয়ুক্ত সচিব কবিতা পদ্মনাভন, আই জি পি দিলীপ কুমাৰ দে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অখিল ৰঞ্জন দত্ত, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ দয়ানন্দ পাঠক, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আজি কামৰূপ জিলাৰ নিৰ্দিষ্ট বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.