গুৰুকুল গ্ৰামাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰশংসনীয় পদক্ষেপ

0 254

গুৱাহাটী গুৰুকুল গ্ৰামাৰ হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ত যোৱা ২৮ জানুৱাৰীত এটা চেনিটাৰী নেপকিন ডিচপেনচাৰ মেচিন স্থাপিত কৰে।এই ডিচপেনচাৰ মেচিনটো স্কুলৰ ছোৱালী জিৰণি কোঠাত স্থাপন কৰা হৈছে।এই মেচিন স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছিল বিদ্যালয় খনৰ একাদশ শ্ৰেণীৰ  ছাত্রী ৰিতুস্মৃতা শৰ্মাই ।আমাৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছাত্রী গৰাকীয়ে কয় যে  মই এই পদক্ষেপ ২০১৯ চনৰ নৱেম্বৰ মাহতে লৈছিলো।নাৰীৰ স্বচ্ছতা আৰু পৰিৱেশৰ সহায়ক হোৱাকৈ এই পদক্ষেপ লোৱা হৈছে।এই প্ৰক্ৰিয়াত মোৰ শিক্ষা গুৰুসকলে সহযোগিতা আগবঢ়াইছে।ইতিপূৰ্বেও নাৰেংগীৰ সৈনিক স্কুলত এনে ব্যৱস্থা গ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.