স্বৰ্গদেউ চুকাফাই যি সমন্বয় নীতি প্ৰদান কৰি গৈছে আমি তাৰ দ্বাৰা উদ্বুদ্ধ হ’ব লাগিব।দক্ষিণ পূব এছিয়াত আহোম সকলে শাসন ব্যৱস্থাৰ জৰিয়তে শক্তিশালী ইতিহাস ৰচনা কৰি গৈছে।এই মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ।চৰাইদেউত আজি কেন্দ্রীয়ভাৱে আয়োজিত মে ডাম মে ফি অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ৪২ গৰাকী স্বৰ্গদেউৰ স্মৃতি সুৰক্ষিত কৰাৰ অৰ্থে স্মৃতি ক্ষেত্র নিৰ্মাণৰ কৰা হ’ব।সাতামপুৰুষীয়া মূল্যবোধক জীয়াই ৰাখিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি চৰকাৰৰ বিভিন্ন পদক্ষেপ সমূহক আলোকপাত কৰে।আজিৰ অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী,সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে,দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন,সাংসদ তপন গগৈ,যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, বিধায়ক নৱনীতা সন্দিকৈ,কুশল দুৱৰী আদিকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী