১১২৮ গৰাকীয়ে নিযুক্তি পালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত

0 215

অসমৰ জনসাধাৰণক উন্নতমানৰ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৪০০ গৰাকী চাৰ্ভেইলেঞ্চ কৰ্মী,৭২৮ গৰাকী ষ্টাফ নাৰ্চক নিযুক্তি প্ৰদান কৰে।এই অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিবছৰে জি এন এম ছাত্রীসকলক সংস্থাপন দিয়া হৈছে।আৰু বিভিন্ন চিকিৎসা মহাবিদ্যালয় সমূহৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত আৰু কিছুসংখ্যকক নিযুক্তি প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্রী পীয়ুষ হাজৰিকা,স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ ডাঃ ৰবীন্দ্ৰ ভূঞা,স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অনুপ বৰ্মন,জি এম চি এইচৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.