আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম পূৰ্ণাংগ তথা দ্বি বাৰ্ষিক অধিবেশন।এইবাৰৰ অধিৱেশনখনি বস্ত্ৰ নগৰী শুৱালকুছিৰ জ্যোতি ক্ষেত্রত ৩০ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হৈছে। আজিৰ আৰম্ভণিৰ কাৰ্যসূচী মে ডাম মে ফি অনুষ্ঠানত টাই আহোম সাহিত্য সভাৰ সভাপতি দয়ানন্দ বুঢ়াগোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থাকে।তাৰ পাছতে ডবা,কাঁহ,উৰুলি মঙ্গল বাদ্যৰে মূল তোৰণ আৰু মূল মঞ্চ ক্ষেত্র,মূল মঞ্চ উদঘাটন পৰ্ব সম্পন্ন হয়।উদঘাটন পৰ্বৰ সভাত সভাপতিত্ব কৰে ড০ পৰমানন্দ ৰাজবংশীয়ে।পৰবৰ্তী কাৰ্যসূচী অনুযায়ী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা মঞ্চত বিহগী কবি ৰঘুনাথ চৌধুৰী কবি সন্মিলন অনুষ্ঠিত হয়।বিশিষ্ট লেখিকা ড০ লিলি ৰাজবংশীয়ে উদ্বোধন কৰা এই সন্মিলনত শুৱালকুছি অঞ্চলৰ লগতে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ মুঠ ৫০ গৰাকী কবিয়ে অংশগ্রহণ কৰে।ইয়াৰোপৰি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত আনন্দৰাম বৰুৱা মূল মঞ্চত আনন্দৰাম সোঁৱৰণী স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচিত হয়।সন্ধিয়ালৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান।১ ফেব্ৰুৱাৰীৰ অনুষ্ঠানত অস্থায়ী নামঘৰ উদ্বোধন কৰাৰ লগতে ভাওনা প্ৰদৰ্শিত হ’ব।তাৰ পাছতে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে আৰম্ভণি হ’ব উপেন্দ্র চন্দ্র লেখাৰু সোঁৱৰণি অসম সাহিত্য সভাৰ অষ্টম পূর্ণাঙ্গ কাৰ্যনিৰ্বাহক সভা।সমান্তৰালকৈ নলিনীবালা দেৱী সোঁৱৰণি নাৰী সন্মিলন আকাশত সভাপতিৰ বিশেষ নাৰী সন্মান ৰেখা বৰুৱাক প্ৰদান কৰিব।তাৰোপৰি ৭০ গৰাকী বিশিষ্টা নাৰীক সম্বৰ্দ্ধনা জনাব।ইয়াৰ লগতে দিনযোৰা কাৰ্যসূচীত শিশু সাহিত্য বঁটা প্ৰদান অনুষ্ঠান,ৰামধেনু অনুষ্ঠান,যুৱ সংসদৰ বিশেষ অনুষ্ঠান,কবি সন্মিলন,কাব্যানুষ্ঠান,প্ৰতিনিধি সভাৰ উপৰিও গল্পকাৰ,নাট্যকাৰ সন্মিলন অনুষ্ঠিত হ’ব।সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ’ব শিল্পী সম্বৰ্দ্ধনা আৰু জনপ্রিয় শিল্পীৰ গীতৰ শৰাই।২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ পতাকা উত্তোলন অনুষ্ঠান অনুষ্ঠিত হ’ব।য’ত সাহিত্য সভাৰ মূল পতাকাৰ লগতে ভিন্ন সংগঠনৰ মুঠ ১৭৭ খন পতাকা উত্তোলন কৰিব বিভিন্ন শাখাৰ ১০২ গৰাকী বৰেণ্য ব্যক্তিয়ে।তাৰ পাছতে আই তোক কিহেৰে পূজিমে শীর্ষক অনুষ্ঠানত অসমৰ জাতীয় আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।দিনটোৰ কাৰ্যসূচীত স্মৃতি তৰ্পণ,সুশীল শৰ্মা কবি সন্মিলন,জ্যোতি বিষ্ণু ভূপেন্দ্র সোঁৱৰণি সাংস্কৃতিক শোভাযাত্রা,অসম সাহিত্য সভাৰ বিভিন্ন বঁটা আৰু সন্মান প্ৰদান অনুষ্ঠান,সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক সোঁৱৰণি প্রথম মুকলি অধিৱেশন,বহুভাষিক কবি সন্মিলন আৰু ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদি আমি একেখন নাৱৰে যাত্রী অনুষ্ঠান অনুষ্ঠিত কৰিব।সন্ধিয়ালৈ ১০০ গৰাকী শিল্পীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে গীতৰ শৰাই অনুষ্ঠান অনুষ্ঠিত হ’ব।৩ তাৰিখৰ কাৰ্যসূচীত কবি সন্মিলনৰ লগতে ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান অনুষ্ঠান,ঔপন্যাসিক সন্মিলন,ভাষাবিদ সন্মিলন,গীতিকাৰ সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।শেষৰদিনা বুৰঞ্জী সন্মিলন,যুৱ সতীৰ্থ সন্মিলন,বঁটা প্ৰদান অনুষ্ঠান,বিজ্ঞান সাহিত্য সন্মিলন আৰু দিপালী বৰঠাকুৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ সঙ্গীতানুষ্ঠানেৰে অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনখনিৰ সামৰণি পৰিব।অসম সাহিত্য সভাৰ হৈ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক অনিল চন্দ্র বৈশ্য আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সকলোকে সভালৈ আদৰণি জনাইছে।বিশেষ তথ্যৰ বাবে উদ্যোক্তা সকলে ৯১০১০১৪১৭৭ নম্বৰত যোগাযোগ কৰিবলৈ দিছে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী