অহা ১৫ ফেব্ৰুৱাৰীত সৰুসজাঁইত অনুষ্ঠিত হ’ব ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান।এই ব্যয়বহুল অনুষ্ঠানক লৈ অসম পৰ্যটন বিভাগৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে।এই অনুষ্ঠানক লৈ জল্পনা কল্পনাৰ ওৰ পৰা নাই।কোন তাৰকা আহিব,কোনে কি প্রদৰ্শন কৰিব,কোনে অনুষ্ঠানৰ আঁত ধৰিব এই লৈ সৰব আলোচনা চলি আছে।ইতিমধ্যে বলিউডৰ খ্যাতনামা অভিনেতা ৰণবীৰ সিং, আলিয়া ভাট,আয়ুস্মান খোৰানা অহাটো নিশ্চিত বুলি জানিব পৰা গৈছে।তাৰোপৰি অনুষ্ঠানৰ আঁত ধৰিব বলিউডৰ কিং শ্বাহৰুখ খানে।১৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব অভিনেতাজন।বিশেষ সূত্রৰ মতে ১৪ ফেব্ৰুৱাৰীৰ নিশা আয়োজক তথা কলা কুশলী সকলৰ সৈতে নৈশ ভোজত অংশ ল’ব শ্বাহৰুখ খানে।উল্লেখ্য যে ফিল্মফেয়াৰ এৱাৰ্ডৰ প্ৰচাৰৰ বাবে ভূমি পেডনেকাৰ আৰু আয়ুস্মান খোৰানা অভিনিত দুটা প্ৰম’ ভিডিঅ’ মুকলি কৰা হৈছে।অসমৰ মুখা শিল্প,বিহু,চাহ বাগান,ব্ৰহ্মপুত্ৰ,মাজুলীক লৈ প্ৰস্তুত কৰা এই অসম পৰ্যটনৰ ভিডিঅ’ই চ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।ছটা দশকৰ মূৰত অসমত অনুষ্ঠিত হ’বলগীয়া দেশৰ সৰ্ববৃহৎ চলচ্চিত্র অনুষ্ঠানৰ জৰিয়তে অসম পৰ্যটনৰ কেন্দ্র বিন্দু হ’ব বুলি আশাবাদী অসম পৰ্যটন বিভাগ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী