অসমৰ ধেমাজী জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ গালো জনগোষ্ঠীৰ লোকসকলৰ অন্যতম বৃহৎ উৎসৱ হল “মপিন” উৎসৱ । যোৱা ৫ এপ্ৰিলত পূব ছিয়াং জিলাৰ সদৰ আলোত এই উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । য’ত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মপিন উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি গালো জনগোষ্ঠীৰ লোকসকলক উৎসাহিত কৰা বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰিছিল ৷ ইফালে প্ৰকৃতিৰ লগত সম্পৰ্কিত উৎসৱ হিচাপে পৰিগণিত হৈ অহা মপিন উৎসৱটো ৪ মে’ৰ দিনা সন্ধিয়াৰ পৰা নিশালৈ গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত হোটেল ৰত্নমৌলী পেলেচত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। “দা গুৱাহাটী মপিন উৎসৱ উদযাপন কমিটী – ২০২৫ ৰ উদ্যোগত অনুষ্ঠিত মপিন উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন , শিক্ষা আৰু গ্ৰন্থাগাৰ , গ্ৰামোন্নয়ন , সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাচাং দর্জী সোণাই । এই উপলক্ষে উদযাপন কমিটীৰ সভাপতি ডুবি ইটেৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মন্ত্ৰী পাচাং দৰ্জী সোনাই ভাষণ প্ৰসংগত অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৱে যিদৰে অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যৰ মাজত সম্বনয়ৰ বাৰ্তা কঢ়িয়াই আনিছে ঠিক একেদৰে মপিন উৎসৱেও দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত সম্বনয়ৰ বাৰ্তা কঢ়িয়াই আনিছে বুলি ব্যক্ত কৰি মপিন উৎসৱটো গুৱাহাটীত অনুষ্ঠিত কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয়। অসম পৰ্যটন উন্নয়ন বিভাগৰ উপাধ্যক্ষ দিলীপ দাস, বিশ্ব মানৱাধিকাৰ ৰক্ষা আয়োগৰ ৰাষ্ট্ৰীয় উপ সভাপতি ৰাকেশ সিংহ, অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন তথ্য আয়ুক্ত গুমজুম হাইদৰ, গালো কল্যাণ সমিতিৰ সাধাৰণ সম্পাদক ন্যাদৰ লয়া, সামাজিক কৰ্মী ৰেকেন ইংগোই অংশগ্ৰহণ কৰি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কেবাজনো শিল্পীয়ে পৰম্পৰাগত সংগীত, নৃত্য, দলীয় নৃত্য প্ৰদৰ্শন কৰে। উল্লেখ্য যে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক আমন্ত্ৰণ জনোৱা হৈছিল যদিও ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত থকাৰ বাবে শেষ মূহুৰ্তত তেঁও উপস্থিত থাকিব নোৱাৰিলে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান