অসমৰ ধেমাজী জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ গালো জনগোষ্ঠীৰ লোকসকলৰ অন্যতম বৃহৎ উৎসৱ হল “মপিন” উৎসৱ । যোৱা ৫ এপ্ৰিলত পূব ছিয়াং জিলাৰ সদৰ আলোত এই উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । য’ত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মপিন উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি গালো জনগোষ্ঠীৰ লোকসকলক উৎসাহিত কৰা বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰিছিল ৷ ইফালে প্ৰকৃতিৰ লগত সম্পৰ্কিত উৎসৱ হিচাপে পৰিগণিত হৈ অহা মপিন উৎসৱটো ৪ মে’ৰ দিনা সন্ধিয়াৰ পৰা নিশালৈ গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত হোটেল ৰত্নমৌলী পেলেচত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। “দা গুৱাহাটী মপিন উৎসৱ উদযাপন কমিটী – ২০২৫ ৰ উদ্যোগত অনুষ্ঠিত মপিন উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন , শিক্ষা আৰু গ্ৰন্থাগাৰ , গ্ৰামোন্নয়ন , সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাচাং দর্জী সোণাই । এই উপলক্ষে উদযাপন কমিটীৰ সভাপতি ডুবি ইটেৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মন্ত্ৰী পাচাং দৰ্জী সোনাই ভাষণ প্ৰসংগত অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৱে যিদৰে অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যৰ মাজত সম্বনয়ৰ বাৰ্তা কঢ়িয়াই আনিছে ঠিক একেদৰে মপিন উৎসৱেও দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত সম্বনয়ৰ বাৰ্তা কঢ়িয়াই আনিছে বুলি ব্যক্ত কৰি মপিন উৎসৱটো গুৱাহাটীত অনুষ্ঠিত কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয়। অসম পৰ্যটন উন্নয়ন বিভাগৰ উপাধ্যক্ষ দিলীপ দাস, বিশ্ব মানৱাধিকাৰ ৰক্ষা আয়োগৰ ৰাষ্ট্ৰীয় উপ সভাপতি ৰাকেশ সিংহ, অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন তথ্য আয়ুক্ত গুমজুম হাইদৰ, গালো কল্যাণ সমিতিৰ সাধাৰণ সম্পাদক ন্যাদৰ লয়া, সামাজিক কৰ্মী ৰেকেন ইংগোই অংশগ্ৰহণ কৰি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কেবাজনো শিল্পীয়ে পৰম্পৰাগত সংগীত, নৃত্য, দলীয় নৃত্য প্ৰদৰ্শন কৰে। উল্লেখ্য যে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক আমন্ত্ৰণ জনোৱা হৈছিল যদিও ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত থকাৰ বাবে শেষ মূহুৰ্তত তেঁও উপস্থিত থাকিব নোৱাৰিলে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan