গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী

0 35

এইচ ডি এফ চি বেংক, ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংকে, আজি গুৱাহাটীত নিজৰ প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী মুকলি কৰে। এই অত্যাধুনিক সুবিধাই অসমত উন্নত প্ৰযুক্তি, উদ্ভাৱন আৰু প্ৰতিভা বিকাশৰ এক কেন্দ্ৰ হিচাপে কাম কৰিব আৰু কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিভা বিকাশ কৰাত সহায় কৰিব। এইচ ডি এফ চি বেংকে অসমত প্ৰথমবাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এই পদক্ষেপ হৈছে চতুৰ্থটো প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী। বৰ্তমান বেংকটোৰ মুম্বাই, বেংগালুৰু আৰু গুৰুগ্ৰামত ইতিমধ্যে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী আছে।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই পদক্ষেপৰ মুকলি কৰে। অনুষ্ঠানটোত এইচ ডি এফ চি বেংকৰ উপ-মহাপ্ৰবন্ধক কাইজাদ ভাৰুচা, মুখ্য তথ্য বিষয়া ৰমেশ লক্ষ্মীনাৰায়ণ, অসম চৰকাৰৰ গণ্য-মান্য ব্যক্তিসকল আৰু বেংকৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

এই পদক্ষেপে ৰাজ্যখনত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু তেওঁলোকক ভৱিষ্যৎ প্ৰজন্মৰ প্ৰযুক্তি বিকাশত প্ৰত্যক্ষভাৱে অৱদান আগবঢ়াবলৈ সক্ষম কৰি তুলিব। অসম আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহৰ স্থানীয় প্ৰযুক্তি প্ৰতিভা ব্যৱহাৰ কৰি বেংকটোৱে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰীৰ সক্ষমতা অধিক শক্তিশালী কৰিব। ইয়াৰ মূল লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড, ডাটা আৰু ইঞ্জিনিয়াৰিং ক্ষেত্ৰৰ প্ৰযুক্তিগত অগ্ৰগতি নিশ্চিত কৰা আৰু ডিজিটেল ক্ষেত্ৰত নতুন সামগ্ৰী সৃষ্টি কৰাৰ সক্ষমতা বৃদ্ধি কৰা।

অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এডভাণ্টেজ আছাম ২.০ পদক্ষেপৰ অংশ হিচাপে এইচ ডি এফ চি বেংকে অসম চৰকাৰৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই যৌথ পদক্ষেপৰ জৰিয়তে এইচ ডি এফ চি বেংক আৰু অসম চৰকাৰে বি এফ এছ আই আৰু ফিনটেক খণ্ডৰ সৈতে সম্পৰ্কিত দক্ষতা বিকাশ পাঠ্যক্রমৰ জৰিয়তে শৈক্ষিক জ্ঞানক ঔদ্যোগিক অভিজ্ঞতাৰ সৈতে সংযুক্ত কৰি উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

কেম্পাছ-টু-ক’ৰ্পৰেট দক্ষতাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা এই কাৰ্যসূচী বেংকিং আৰু ফিনটেক খণ্ডত নিয়োগৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰাখি ৰূপায়ণ কৰা হৈছে। পাঠ্যক্রমত মৌলিক বেংকিং জ্ঞানৰ লগতে আধুনিক আই টি বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

এই কাৰ্যসূচী ২০২৫ চনৰ ছেপ্টেম্বৰত আৰম্ভ হৈছিল আৰু বৰ্তমান এই কাৰ্যসূচীৰ অংশ হিচাপে ১৫০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। শিক্ষাৰ্থীসকলে এইচ ডি এফ চি বেংকৰ জ্যেষ্ঠ বিষয়াৰ পৰা উদ্যোগ-সম্পৰ্কীয় জ্ঞান আৰু ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব।

এই কাৰ্যসূচীৰ সৈতে জড়িত শিক্ষাৰ্থীসকলে ২-৪ মাহৰ বাবে এইচ ডি এফ চি বেংকৰ সৈতে ইণ্টাৰ্নশ্বিপৰ সুবিধাও লাভ কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে শৈক্ষিক আৰু প্ৰযুক্তিগত ধাৰণাসমূহ ক’ৰ্পৰেট পৰিৱেশৰ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব। এই পাঠ্যক্রমৰ বাবে শিক্ষাৰ্থীসকলে কোনো অতিৰিক্ত ব্যয় বহন কৰিব নালাগে।

এই সন্দৰ্ভত এইচ ডি এফ চি বেংকৰ উপ-মহাপ্ৰবন্ধক শ কাইজাদ ভাৰুচাই কয়, “গুৱাহাটীত আমাৰ নতুন প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী উদ্বোধন কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত। ২০২৫ চনৰ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছাম ২.০-ত এইচ ডি এফ চি বেংক আৰু অসম চৰকাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু এটা বছৰৰ ভিতৰত এই পদক্ষেপ ৰূপায়ণ কৰিবলৈ পাই আমি সন্তুষ্ট। অসম চৰকাৰৰ সহায়-সহযোগিতাৰ ফলতেই এয়া সম্ভৱ হৈছে। এই সুবিধাই আমাক নতুন ডিজিটেল সামগ্ৰী আৰু সেৱা আৰম্ভ কৰিবলৈ সহায় কৰিব আৰু আমাৰ আই টি সক্ষমতা অধিক শক্তিশালী কৰিব। ইয়াৰ লগতে এই সুবিধাই অসমৰ অভিযান্ত্ৰিক ক্ষেত্ৰৰ প্ৰতিভাক আকৰ্ষিত কৰি তেওঁলোকক নিজৰ ঘৰৰ ওচৰতে থাকি বেংকিং খণ্ডত পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি বিকাশত অৱদান আগবঢ়াবলৈ সুযোগ প্ৰদান কৰিব।

এইচ ডি এফ চি বেংকৰ প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী মডেলটো ডিজিটেল কাম-কাজৰ এক মুখ্য কেন্দ্ৰ হিচাপে গণ্য কৰা হ’ব; য’ত নক্সা, মোবাইল আৰু ক্লাউড ইঞ্জিনিয়াৰিং, এ পি আই আৰু অ’ৰ্কেষ্ট্ৰেচন, ডাটা আৰু জেনেৰেটিভ এ আইৰ লগতে আৰম্ভণিৰ পৰাই সুৰক্ষিত নক্সা আদিৰ ওপৰত গুৰুত্ব বহনকাৰী নিৰ্দিষ্ট ইউনিটসমূহ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.