আজি ৰাজ্যৰ অন্যতম প্ৰকাশন অনুষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত বিশিষ্ট কবি-লেখিকা-শিক্ষাবিদ ক্ৰমে ড০ মৰমী বৰঠাকুৰ তালুকদাৰ (অভয়াপুৰী, বঙাইগাঁৱ ) আৰু জ্যোৎস্না নাথ (আগিয়া, গোৱালপাৰা) দুখন কাব্য সংকলন ক্ৰমে অন্তৰ্জীৱনৰ ডায়েৰী আৰু অনুৰাধা গুৱাহাটী প্ৰেছ ক্লাবত এক আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত শুভ উন্মোচন কৰা হয় । মিতালী শৰ্মাৰ সংস্কৃতি বন্দনাৰে আৰম্ভ কৰা সভাখনি উদ্বোধন কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মলিনা দেৱী ৰাভাই কয়-গ্ৰন্থ পঢ়িলেহে কু-সংস্কাৰ, বদ অভ্যাস আদি আঁতৰাব পাৰি।এখন গ্ৰন্থই সমাজ সংস্কাৰ কৰিব পাৰে।গ্ৰন্থকাৰৰ অমূল্য সৃষ্টিৰ বাবে বিশ্বৰ সাহিত্যত খলকনি আনিব পাৰে।সাম্প্ৰতিক সময়ত নতুন প্ৰজন্মৰ মাজত দেখা দিয়া গৰ্হিত চিন্তাবোৰ সাহিত্যিকসমাজে তেওঁলোকৰ সৃষ্টিৰ মাধ্যমেৰে পৰিবৰ্তন কৰিব লাগিব । অধ্যাপিকা ড০ মৰমী বৰঠাকুৰ তালুকদাৰৰ প্ৰায় ৫০০ পৃষ্ঠাৰ কাব্য সংকলনখনি উন্মোচন কৰি অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড০ সূৰ্য হাজৰিকাই কয় -এখন গ্ৰন্থই এটি সভ্যতা ধৰি ৰাখিব পাৰে। সাৰ্থক সাহিত্য সৃষ্টিৰাজিৰে জগতত প্ৰতিষ্ঠা হ’ব পাৰি । কবিতা ৰছনাত ন ন কলা কৌশল প্ৰয়োগ হৈছে।অসমৰ কবি বিশ্ববন্দিত হৈছে । আমি আশাকৰো বছৰেকত কিমান গ্ৰন্থ প্ৰকাশ পাই তাৰ সংক্ষিপ্তাত্মক বিৱৰণীমূলক এখন গ্ৰন্থ প্ৰকাশ হ’ব লাগে।এই শতিকাত অসমীয়া সাহিত্যত বহু উন্নতমানৰ গ্ৰন্থ প্ৰকাশ পাইছে । অসমৰ অসমীয়া গ্ৰন্থও দেশে বিদেশে সমাদৃত হৈছে ।জ্যোৎস্না নাথৰ গ্ৰন্থ উন্মোচন কৰি দি আছাম ট্ৰিবিউন কাকতৰ ডেপুটি এডিটৰ ৰামানুজ দত্ত চৌধুৰীয়ে কয়-পৃথিৱীৰ বহু ভাষাৰ সাহিত্যকৈ অসমীয়া ভাষাৰ সাহিত্য বহু উন্নত ।ছপা আখৰত পঢ়াৰ আমেজ সুকীয়া । অসমত লিখি জীয়াই থকাৰ পৰিৱেশ আজিও হোৱা নাই । ই বৰ দুৰ্ভাগ্য।অসমীয়া গ্ৰন্থ অসমীয়া মানুহে বেছিকৈ পঢ়িব লাগিব । লেখক সমাজক জীয়াই থকাত সহায় কৰিব লাগিব ।প্ৰকাশনৰ সচিব,সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত মুখ্য অতিথি হিচাপে অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা বিশিষ্ট চিন্তাবিদ ফটিক দত্ত গোস্বামীয়ে কয়- কবিসকল প্ৰকৃততে বৰ মহান । কবিয়ে মানুহৰ সুখ-দুখ, বেদনা, যন্ত্ৰণা শব্দৰে ধৰি ৰাখে । কবিয়ে সমাজৰ পৰা আঁতৰাব বিচাৰে কি চিন্তা,কু ভাৱনা। বৰ হৃদয়বান কবিসকল ।সভাত ডি এ নিউজ প্লাছৰ সম্পাদনা উপদেষ্টা তথা বিশিষ্ট বুদ্ধিজীবী ড০ দয়ানন্দ পাঠক, লেখিকা সংস্থা, অসমৰ সভাপতি মৃদুলা শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ লৈ সাম্প্ৰতিক সময়ৰ কবিতা, সাহিত্যৰ ভিন ভিন দিশৰ পৰ্যালোচনা কৰে।সভাত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক ভূৱনেশ্বৰ শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ,তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আমচি, নাথ সাহিত্য সভা,অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, নেপালী সাহিত্য সভাৰ উপ-সভাপতি নিৰু শৰ্মা পৰাজুলী, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শচীন দাস, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেৱেন্দ্ৰ নাথ বসুমতাৰী, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, গোৱালপাৰা জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি বাণীকান্ত ৰাভা, উপ-সভাপতি ড০ এম্ গোপাল সিংহ, বৰপেটা জিলা বহুভাষিক কবি সন্মিলনৰ সভাপতি মৌলানা জাহিদুল ইছলাম, মানুহ আৰু পৰিৱেশ,অসমৰ সভাপতি কমল চন্দ্ৰ মেধি,বহুভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কাজি শ্বামীম, উত্তৰ পূৱ মঞ্চৰ সম্পাদক হৰেকৃষ্ণ ডেকা, পৰীক্ষণ সভাপতি অনিমা বৰা, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যাপিকা ড০ ৰূপা ডেকা পাটৰ, লেখিকা বকুলী বৈশ্যই আমন্ত্ৰিত অতিথি হিচাপে অংশ লয়।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী