ৰাজ্যৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন লেংডন ফাউণ্ডেশ্যনে প্ৰতি সপ্তাহৰ শনিবাৰে গুৱাহাটীৰ পদপথত বসবাস কৰা অঘৰী লোকসকলৰ মাজত খাদ্য আৰু বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে আজি গুৱাহাটীৰ পাণবজাৰস্থিত শুক্লেশ্বৰ মন্দিৰৰ সন্মুখত পদপথত বাস কৰা প্ৰায় ১০০ জন লোকৰ মাজত খাদ্য বিতৰণ কৰে। স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি, সমাজকর্মী নিতুল বৰগোঁহাইৰ নেতৃত্বত ৰেখা বৰগোঁহাই, ঋতুৰাজ শইকীয়া, দীনেশ কোঁৱৰ, সুমিত কুমাৰ ঝা, শশী ঝা, ৰাজীৱ গৌড়, শিৱ গগৈয়ে অভাৱী লোক সকলৰ মাজত খাদ্য বিতৰণ কৰে। এই সন্দৰ্ভত সভাপতি নিতুল বৰগোঁহায়ে সদৰি কৰা অনুসৰি পদপথত বাস কৰা অভাৱী লোকক খাদ্যৰ লগতে বস্ত্ৰ বিতৰণ কৰাৰ বাবেও তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে। বিগত ২০২২ বৰ্ষৰ ৩১ ডিচেম্বৰত পাটসাঁকো বাইলুং গাঁৱত বৃহত্তৰ পাটসাঁকো বাসীৰ উদ্যোগত বকতাৰ বাইলুংগাঁও বৰদেওশালত উদ্যাপিত কেন্দ্রীয় মে-ডাম মে-ফিৰ মঞ্চত শুভাৰম্ভ কৰা কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ কণ-কণ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত দুশখনৰো অধিক কিতাপ বিতৰণ কৰা হয়। লেংডন ফাউণ্ডেশ্যনৰ ভৱিষ্যৎ কর্মসূচী সম্পৰ্কত প্ৰতিষ্ঠাপকগৰাকীয়ে কয় যে স্বেচ্ছাসেৱী সংস্থাটোৱে আর্থিকভাৱে দুৰ্বল ছাত্র-ছাত্রীসকলক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে বিভিন্ন প্রশাসনিক আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিৰ্বাচিত ছাত্র-ছাত্রীক বিনামূলীয়া, প্ৰশিক্ষণ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। সমান্তৰাল ভাৱে অভাৱগ্ৰস্ত মেধাবী শিক্ষাৰ্থী সকলোকো সংগঠনটোৱে সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াব বুলি নিতুল বৰগোহাঁয়ে জানিবলৈ দিছে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী