গুৱাহাটীত প্ৰথম বাৰৰ বাবে মুকলি কৰিলে CNGষ্টেচন

0 215

নৱবৰ্ষৰ পহিলা দিনটোত মহানগৰবাসীলৈ বিশেষ উপহাৰ হিমন্ত বিশ্ব শৰ্মাৰ।প্ৰথমবাৰৰ বাবে গুৱাহাটীত মুকলি কৰিলে CNG ষ্টেচন।বেতকুছিৰ ISBTৰ ইণ্ডিয়ান অইলৰ ডিপোত এই ষ্টেছন মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে ১০০ খন CNG বাছৰ সেৱাও মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।নতুন বছৰটোত পুনৰ ২০০ খন বৈদ্যুতিক বাছ মহানগৰীত মুকলি কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।

এই বছৰটোত স্মাৰ্টচিটীৰ অধীনত বহু উন্নয়নমূলক কাম কৰাৰ প্ৰতিশ্ৰুতি।আনহাতে এএছটিছিক লাভজনক পৰিৱেশলৈ ওভতাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।পৰিবহণ নিগমৰ বিষয়া-কৰ্মচাৰীক ভালদৰে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Leave A Reply

Your email address will not be published.