মৰিয়নিৰ সমীপৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ জঙ্ঘল ব্লক অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জঙ্ঘল ব্লক হাইস্কুলৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বছৰো বছৰৰ প্ৰথম দিনটোত গ্ৰন্থ ভিক্ষা অভিযান অনুষ্ঠিত হয়।এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচী মুকলি কৰে । ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে শোভাযাত্ৰা কৰি আমাক গ্ৰন্থ দিয়ক, আমাক পঢ়িবলৈ দিয়ক আদি শ্লোগান দিয়ে। ছাত্ৰ ছাত্ৰীৰ এনে আহ্বানৰ প্ৰতি সহাৰি জনাই অঞ্চলটোৰ ডেৰ শতাধিক লোকে গ্ৰন্থ দান কৰে। উল্লেখযোগ্য যে বিগত বিগত কেবাবছৰ ধৰি বছৰৰ প্ৰথম দিনটোত বিদ্যালয় খনে ভিক্ষা অভিযান নামৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল