গ্ৰন্থ ভিক্ষা অভিযান অনুষ্ঠিত

0 135

মৰিয়নিৰ‌ সমীপৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ জঙ্ঘল ব্লক অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জঙ্ঘল ব্লক হাইস্কুলৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বছৰো বছৰৰ প্ৰথম দিনটোত গ্ৰন্থ ভিক্ষা অভিযান অনুষ্ঠিত হয়।এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰি দিনটোৰ‌ কাৰ্যসূচী মুকলি কৰে । ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে শোভাযাত্ৰা কৰি আমাক গ্ৰন্থ দিয়ক, আমাক পঢ়িবলৈ দিয়ক আদি শ্লোগান দিয়ে। ছাত্ৰ ছাত্ৰীৰ এনে আহ্বানৰ প্ৰতি সহাৰি জনাই অঞ্চলটোৰ‌ ডেৰ শতাধিক লোকে গ্ৰন্থ দান কৰে। উল্লেখযোগ্য যে বিগত বিগত কেবাবছৰ ধৰি বছৰৰ প্ৰথম দিনটোত বিদ্যালয় খনে ভিক্ষা অভিযান নামৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে।

Leave A Reply

Your email address will not be published.