গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ অনলাইন চাহ নিলাম

0 246

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি মহামাৰী ক’ৰণা ভাইৰাছৰ কাৰণে বিভিন্নধৰণৰ চৰকাৰী আৰু বেচৰকাৰী কাম কাজ একেবাৰে স্তব্ধ হৈ আছে। এইক্ষৃত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই।
 
 
 
চলিত বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰই ২৭সংখ্যক নিলাম প্ৰক্ৰিয়া অনলাইন কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত ১জুলাইৰ পৰা আৰম্ভ হোৱা চাহ নিলাম প্ৰক্ৰিয়াৰ বাবে অনলাইন প্ৰক্ৰিয়াৰ দ্বাৰা আবেদন কৰিব পাৰিব সকলো ক্রেতা আৰু বিক্ৰেতাই।
 
 
ক’ভিড১৯ৰ বাবে প্ৰথমবাৰৰ কাৰণে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই গ্ৰহণ কৰা এই অনলাইন নিলাম প্ৰক্ৰিয়াত সমগ্ৰ দেশৰ চাহ নিলামৰ প্ৰক্ৰিয়াত জড়িত লোকে অংশ ল’ব পাৰিব। গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ২৭সংখ্যক অনলাইন নিলাম প্ৰক্ৰিয়াত ৪.৫৫ মিলিয়ন কেজি চাহ নিলাম কৰা হ’ব। এই নিলাম প্ৰক্ৰিয়াত ১৮০ জনৰো অধিক ক্ৰেতা আৰু বিক্ৰেতাই ভাগ ল’ব পাৰে । স্মৰ্তব্য যে বিগত বৰ্ষৰ নিলাম প্ৰক্ৰিয়াত অভিলেখ সৃষ্টি কৰিছিল মনোহৰি চাহ বাগিচাই।

Leave A Reply

Your email address will not be published.