মাস্ক প্ৰস্তুত কৰিয়েই স্বাৱলম্বী হৈ পৰিছে এগৰাকী মহিলা

0 247

ক’ৰণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ অৰ্থে দেশত ঘোষণা কৰা লক ডাউনৰ সময়ছোৱাত হাহাকাৰৰ সৃষ্টি হৈছে খাটিখোৱা জনতাৰ।চৰকাৰে চাউল,দাইল আদিৰ যোগান ধৰিছে যদিও আৰ্থিক দৈনতাই বিভিন্ন ক্ষেত্ৰত বিপাঙত পেলাইছে বহু পৰিয়ালক।
 
 
 
তাৰ মাজতে টীয়কৰ এগৰাকী গৃহিণীয়ে ব্যতিক্ৰমী প্ৰচেষ্টাত ঘৰখনক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে। ক’ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া সৰ্বত্তে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক আৰু লক ডাউনৰ সময়ছোৱাত চৰকাৰৰ নিৰ্দেশমৰ্মে জিলা প্ৰশাসনে বিভিন্ন স্তৰত মাস্ক প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।
 
 
 
 
তাৰে অংশ স্বৰূপে টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খণ্ড প্ৰকল্প বিষয়া টুনটুণি বৰাই উন্নয়ন খণ্ডটোৰ অধীনস্থ বিভিন্ন আত্ম সহায়ক গোটৰ লগতে পূব টীয়ক গাঁও পঞ্চায়তৰ বিদিশা দত্ত শইকীয়া নামৰ এই গৃহিণীগৰাকীক মাস্ক প্ৰস্তুত কৰিবলৈ দিছিল।
 
 
 
 
বিগত দুটা মাহত বিদিশা দত্ত শইকীয়াই প্ৰায় ন হাজাৰৰো অধিক মাস্ক প্ৰস্তুত কৰি প্ৰায় ৯২০০০/- টকা উপাৰ্জন কৰি খণ্ডটোৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য এই যে ঘৰৰ পদূলিতে উপাৰ্জিত টকাৰে বিদিশাই এতিয়া এখন দোকান খুলি মাস্ক প্ৰস্তুতৰ সমান্তৰালকৈ চাদৰ,মেখেলা আদি চিলাবলৈ আৰম্ভ কৰিছে।লগতে চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এগৰাকী সফল সদস্য হিচাপে নিজকে চিনাকি দি আনৰ প্ৰেৰণা হৈ পৰিছে এইগৰাকী বিদিশা দত্ত শইকীয়া।
খবৰ যুগুতালে টিয়কৰ পৰা অমৃত দত্তই..

Leave A Reply

Your email address will not be published.