গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত মন্ত্ৰী অশোক সিংহলৰ ঘোষণা

0 48

চলিত বছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ ১,২৫,০০০ টাৰো অধিক পৰিয়ালক পানী যোগান ধৰিবলৈ সক্ষম হব। অহা ছেপ্তেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহত পৰ্যায়ক্ৰমে মহানগৰীৰ ১৫০০০, ২৭০০০ আৰু ৩৫০০০ টা নতুন পৰিয়ালক পানী যোগান ধৰিব পৰা যাব। গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কার্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটী জল বৰ্ডৰ সৈতে এক দীঘলীয়া পৰ্যালোচনাত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ বিস্তৃত খতিয়ান লয়। বিভাগীয় বিষয়া, অভিযন্তা, প্ৰকল্প পৰামৰ্শদাতা আৰু নিয়োজিত ঠিকাদাৰসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত প্ৰকল্পৰ কাম-কাজৰ পুংখানুপংখ খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট পক্ষসমূহক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ পাছতে বৈঠকৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰি মন্ত্ৰী সিংহলে কয় যে এই পৰ্যন্ত গুৱাহাটী জল ব’ৰ্ডে ৪৭,৬৬০ টা পৰিয়াললৈ পানী যোগানৰ বাবে সাজু হৈ উঠিছে। বৰ্তমানলৈকে পানী উপলব্ধ এই অঞ্চলসমূহৰ আৱেদনকাৰী ২৪,৬৩১ টা পৰিয়াললৈ পানী যোগান ধৰা হৈছে আৰু বাকীসকলে আবেদন কৰিলেই পানী যোগান ধৰা হ’ব।

মন্ত্ৰী সিংহলে কয় যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত ১৪,৮৯১ টা পৰিয়ালক পানী যোগান ধৰিব পৰাকৈ জল বৰ্ডৰ ৰামচাহিল আৰু অমিয়ানগৰ জল ভাণ্ডাৰ সাজু হৈ উঠিব। এই পৰ্যায়ত নৱগ্ৰহ পাহাৰ, নিজৰাপাৰ, শিলপুখুৰী, জি এন বি ৰোড, হেদায়েৎপুৰ, ৰামচা হিল, এম জি ৰোড, ৰাজভৱন, নুনমাটি-খাৰঘুলি ৰোড, বৰঠাকুৰ ক্লিনিক, বনকোঁৱৰ নগৰ, এ টি ৰোড, সতী জয়মতী ৰোড, ছাত্ৰীবাৰী বিলপাৰ, টকৌবাৰী, কুমাৰপাৰা, কে আৰ চি ৰোড, আঠগাঁও, বিষ্ণুপুৰ, লতাশিল আদি অঞ্চলত পানী যোগান ধৰিব পৰা যাব।

আনহাতে অহা অক্টোবৰ মাহত জল বৰ্ডৰ লেচুবাগান, গীতানগৰ আৰু উত্তৰ গুৱাহাটী জল ভাণ্ডাৰৰ জৰিয়তে নয়নপুৰ এলেকা, ডাউনটাউন এলেকা, দ্বাৰকা নগৰ, চচল এলেকা, জোনাকী পাথ, ৰূপকোঁৱৰ পথ, ইন্দ্ৰপুৰ এলেকা, কৃষ্ণনগৰ এলেকা, জাকিৰ হুছেইন পথ, ভিআইপি ৰোড, ছয়মাইল, জি এছ ৰোড, গীতামন্দিৰ, বি জি য়াৰ্ড, মঠঘৰীয়া, নাৰেংগী, পাথৰকুৱেৰী, ৰহতলা গাঁও, ৰংমহল গাঁও, পৰ্বতকাষ, মুলুখাটা গাঁও, মৰিয়াপট্টি, পানীপাৰা, বামুণী গাঁও, আগিয়াথুৰি, উপায়ুক্তৰ কাৰ্যালয় এলেকা, কালি মন্দিৰ এলেকা, আইচিডি গাঁও, মুৰঘাটা, আমিনগাঁও, মাজগাঁও, ঘোৰামাৰা, শিলামাহেখাটি, দৌল গোবিন্দ মন্দিৰ, তিলিং গাওঁ, ৰজাদুৱাৰ ফেৰীঘাট, ৰংমহল গাঁও, পৰ্বতকাষ, ভেটামুখ গাঁও, গৌৰীপুৰ, ব্ৰহ্মপুত্ৰ ঔদ্যোগিক উদ্যান, ৰুদ্ৰেশ্বৰ, অভয়পুৰ গাঁও আদি অঞ্চলৰ ২৭,৫৫২ টা পৰিয়ালক পানী যোগান ধৰিব পৰা যাব।

একেদৰে অহা নৱেম্বৰ মাহৰ ভিতৰত মহানগৰীৰ ৰূপনগৰ, শ্ৰীমন্তপুৰ, চিলাৰায় নগৰ, আনন্দনগৰ, জি এছ ৰোড উপপথসমূহ, জিএমচিএইচ হোষ্টেল ৰোডৰ উপপথসমূহ, জটীয়া, লাষ্টগেট বিৰুবাৰী, শংকৰপুৰ, পাৰৰতলি, বিৰুবাৰী পাহাৰীয়া অঞ্চল, লালগণেশ, গণপতি নগৰ, ওদালবাক্ৰা, বৰ্ষাপাৰা, লখৰা, বালাজী মন্দিৰ, ডিটিঅ’ অফিচ, ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি, ধীৰেণপাৰা, গড়চুক, কালাপাহাৰ, ফটাশিল আমবাৰী, লালগণেশ, দক্ষিণগাঁও, লখিমীনগৰ, ভগদত্তপুৰ, জোনাকনগৰ, জ্যোতিকুছি, হাতীগাঁও, ভেটাপাৰা, সৰুসজাই আদি অঞ্চলৰ ৩৫,০১৭ টা পৰিয়ালক নৰকাসুৰ আৰু সোণাইঘূলি জল ভাণ্ডাৰৰ জৰিয়তে খোৱাপানী যোগান ধৰিব পৰাকৈ গুৱাহাটী জলবৰ্ড সাজু হৈ উঠিব বুলি মন্ত্ৰী সিংহলে আজি জানিবলৈ দিয়ে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিংহলে কয় যে গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত গুৱাহাটী জল ব’ৰ্ডৰ অধীনত ঘৰুৱা যোগানৰ বাবে খোৱাপানী উপলব্ধ হৈছে, সেইসমূহ এলেকাত বর্তমানে চলি থকা গুৱাহাটী পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব। পৌৰ নিগমৰ পানী যোগান ব্যবস্থা আওপুৰণি হৈ পৰাৰ লগতে সঘনাই বিকল হৈ পৰাৰ ফলত পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱাপানী লাভৰ ক্ষেত্রত জনসাধাৰণে ভোগ কৰি অহা অসুবিধাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি তেওঁ সদৰী কৰে। আনহাতে, জল বৰ্ডৰ খোৱাপানী উপলব্ধ অঞ্চলসমূহত এতিয়াও বহুলোকে খোৱাপানীৰ ঘৰুৱা সংযোগৰ বাবে আৱেদন নকৰাৰ প্ৰসংগ উত্থাপন কৰি এই সুবিধা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ সংশ্লিষ্ট এলেকাসমূহৰ ৰাইজৰ প্রতি আহবান জনায়। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পানী যোগানৰ সংযোগৰ আবেদন মাচুল কিস্তিত প্ৰদান কৰাৰো সুবিধা আগবঢ়োৱাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে এই মাচুল কিছু পৰিমাণে ৰেহাই দিয়াৰো চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে পানীযোগানৰ ঘৰুৱা সংযোগ প্ৰদানৰ বাবে যাতে পথ এটা বাৰে বাৰে খান্দি থাকিবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰাৰ স্বাৰ্থত এটা পথ তথা এটা এলেকাৰ ৰাইজক একগোট হৈ একেবাৰতে আবেদনৰ বাবে আগবাঢ়ি আহিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.