একাদশ বিশ্ব যোগ দিৱস উদযাপনৰ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ আৰু পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ উদ্যোগত পহিলা জুনত গুৱাহাটী প্ৰেছ ক্লাবত এখন যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতা উদ্বোধন কৰে গুৱাহাটীৰ প্ৰেছ ইনফৰমেছন বুৰ’ৰ (পিআইবি) সহকাৰী সঞ্চালক প্ৰণৱ কুমাৰ নাথে। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিস্থাপক সভাপতি যোগাচাৰ্য শুভাশিসৰ আদৰণি ভাষণেৰে আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰম্ভ হয় । প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ শান্তনু ৰায়চৌধুৰী আৰু গুৱাহাটী অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ(এইমছ) যোগ চিকিৎসক অংকিতা বৰঠাকুৰে। যোগাসন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে সুৰেশ পোদ্দাৰ, দিব্যজ্যোতি ডেকা আৰু অৰুন্ধতী তালুকদাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেলথ চায়েন্সৰ যোগ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ ফলাফল তথা পুৰস্কাৰসমূহ অহা একাদশ বিশ্ব যোগ দিৱসৰ উদযাপন সমাৰোহত প্ৰদান কৰা হ’ব।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS