গুৱাহাটী প্ৰেছ ক্লাবত ৪খন গ্ৰন্থ উন্মোচন

0 131

গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে দুগৰাকী লেখকৰ ৪খন গ্ৰন্থ উন্মোচন কৰা হয়। সভাত বিশিষ্ট লেখিকা দীপিকা বে কাথাৰ নাথ (আশা)ৰ পক্ষীবিদ,বিশিষ্ট সাহিত্যিক,সাহিত্যিক পেঞ্চনাৰ ভুৱনেশ্বৰ শৰ্মাই লেখিকাৰ প্রবন্ধ সংকলন প্রবন্ধ দৰ্পণ উন্মোচন কৰে। উন্মোচনী ভাষণত কয় পক্ষীবিদ,বিশিষ্ট সাহিত্যিক, সাহিত্যিক পেঞ্চনাৰ ভুৱনেশ্বৰ শৰ্মাই লেখিকাৰ প্ৰৱন্ধ কেইটা উৎকৃষ্ট হৈছে বুলি কয়। লেখিকাই এনেদৰে সুন্দৰ সুন্দৰ গ্ৰন্থ উপহাৰ দিব বুলি আশা প্ৰকাশ কৰে।

লেখিকাৰ কাৰ্বি উপন্যাস কিচে আলক/ঠেতাক উন্মোচন কৰে গুৱাহাটী কমার্চ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখিকা,লতাশিলৰ গুৱাহাটী বিহু সন্মিলনৰ প্ৰথমগৰাকী বিহু সম্ৰাজ্ঞী ড° ৰূপা ডেকা পাটৰে।উন্মোচনী ভাষণত উপন্যাসখনত কাৰ্বি সমাজৰ সমল আছে বুলি উল্লেখ কৰে।
আনহাতে বিশিষ্ট লেখক ড°দ্বীপেন্দ্ৰ কুমাৰ নাথৰ প্রবন্ধ সংকলন প্রবন্ধ বিচিত্রা উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক,বিশিষ্ট সাহিত্যিক,অভিনেতা দিগন্ত কুমাৰ নাথে লেখকৰ ভূয়সী প্ৰশংসা কৰে।
আনহাতে কাব্য গ্রন্থ বিৰিণা উন্মোচন কৰে বিশিষ্ট লেখক, আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক মন্টু শ‍ইকীয়াই।তেওঁ ভাষণত কয় যে-কবি সকল সগৰত বাস কৰে।কবি সকল য’ত থাকে তাত এখন স্বৰ্গৰ সৃষ্টি হয়।কবিতা দেৱদূতে লিখে।আজি উন্মোচন হোৱা গ্ৰন্থ চাৰিখনৰ লেখকদ্বয়ক শুভেচ্ছা জনোৱাৰ লগতে এনেদৰে সাহিত্য সৃষ্টি কৰি যাব বুলি আশাপ্ৰকাশ কৰে।সভাৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্বলন কৰে।
সভাত লেখকদ্বয়ে গ্ৰন্থকেইখনৰ আঁৰৰ কথা কয়।সভাত উদ্ধব দাসে এটা গীত পৰিবেশন কৰে। সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনত সাংবাদিক মাইনা গোস্বামী,ৰাহুল দেৱ শৰ্মা,বিপুল শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.