বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাবত বঁটা প্ৰদান আৰু গ্ৰন্হ উন্মোচনী সভা অনুষ্ঠিত হয়৷ গোষ্ঠীৰ সভাপতি তথা সাংবাদিক নিপজ্যোতি মেধিয়ে আঁত ধৰা সভাত কবি,লেখিকা ৰুণু দেৱী শৰ্মাৰ ইংৰাজীলৈ অনুবাদ কৰা ’ৱমেন এড’ৰেদ’ নামৰ কাব্য গ্ৰন্হখনি বহু ভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তই উন্মোচন কৰে৷আন এখন কাব্যগ্ৰন্হ কবি,লেখিকা চিত্ৰা বৰ্মনৰ ’পহিলা মাঘৰ কুঁৱলী’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰিজু হাজৰিকাই৷ সভাত সাহিত্যিক ড° ডালিমী কোঁৱৰ,ৰত্নেশ্বৰ বসুমতাৰী,ডা° অঞ্জনজ্যোতি চৌধুৰী,ডা° ৰুবী কটকী,ৰোনাল্ডো টাইড উপস্হিত থাকে৷এই সভাতে সদৌ অসম ভিত্তিত আয়োজিত পাঞ্জাবাৰী নিবাসী,সমাজসেৱক প্ৰয়াত দিবাকৰ শৰ্মা সোঁৱৰণী কবিতা প্ৰতিযোগিতাৰ ১৪ জন নিৰ্বাচিত প্ৰতিযোগীক পুৰস্কাৰ প্ৰদানৰ লগতে শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ সেৱা,সমাজসেৱা আদিৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱাৰ বাবে প্ৰশান্ত তালুকদাৰ,ড° ডালিমী কোঁৱৰ,কিৰণ বৰা,কিৰণ দাস,শ্ৰীধৰ ডেকা,গোবিন্দ কলিতা,ইৰাৱতী দাস মালী,সজিতা বৈশ্য,মনপ্ৰভা হাজৰিকা,জিতু দত্ত,নিৰ্মলা শৰ্মা,ৰীতামণি বৰদলৈ,দেৱী প্ৰসাদ অধিকাৰী,অতুল কুমাৰ বৰ্মন,বিৰজা হাজৰিকা, মালবিকা ভাগৱতী,ৰুণু দেৱী শৰ্মা,উষা দেৱী,কৃষ ৰাজবংশী,কেশৱ বৰাক ’সুন্দৰ সাধনা’ বঁটা প্ৰদান কৰা হয়৷
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা