গুৱাহাটী বিমানকোঠত বেডমিন্টন চেম্পিয়নশ্বিপৰ সফল সামৰণি

0 157

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি বেডমিন্টন চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। উল্লেখ্য যে, উক্ত খেল যোৱা ২৬ ডিচেম্বৰ পৰা আৰম্ভ হোৱা খেলখনত বিমানবন্দৰত বিভিন্ন স্থান আৰু বিভাগত কৰ্মৰত প্ৰায় ৩০ টা দলে প্ৰতিনিধিত্ব কৰে।পুৰুষৰ শাখাত ৰিপুণ বৰা আৰু দিপক চন্দ্ৰ পলে চেম্পিয়ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। লগতে দিপক ভগত আৰু মনজয় ৰাভাই যুটিয়াভাৱে প্ৰথম ৰানাৰ্ছআপ, নিকলাছ নাৰ্জাৰী আৰু অভয় শৰ্মাই দ্বিতীয় ৰানাৰ্ছআপ, হৰি সোণোৱাল আৰু ৰাজেশ্বৰ ৰাভাই ক্ৰমান্বয়ে তৃতীয় পদক লাভ কৰে। আনহাতে মহিলাৰ শাখাত সুশ্ৰী চ’ফিয়া আলী আৰু সুশ্ৰী মায়াশ্ৰী গগৈয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। সুশ্ৰী হেমা কোঁৱৰ আৰু সুশ্ৰী লালদুহপুই নাৰ্জাৰীয়ে প্ৰথম ৰানাৰ্ছ আপ পদক লাভ কৰাৰ লগতে সঞ্জয় গুৰুঙে নিচুকনী পদক লাভ কৰিবলৈ সক্ষম হয়। এই উপলক্ষে আজি বটা বিতৰণী অনুষ্ঠানত বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই বিজয়ী সকলক বঁটা প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত সু-উজ্বল হোৱাৰ লগতে পৰৱৰ্তী সময়ত উদ্যোক্তাসকলক এই অনুষ্ঠানসমূহ আগুৱাই লৈ যাবলৈ অনুপ্ৰেৰণা যোগায়।

Leave A Reply

Your email address will not be published.