গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে ২০২৬ চনৰ ২৯–৩০ মে’ত শ্বিলঙৰ আই আই এমত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰত ‘মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা’ লাভ কৰি বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সন্মানীয় বঁটাটো কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্য আৰু ৰাষ্ট্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাডছেৰ উপস্থিতিত যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত প্ৰদান কৰে। অসমত সমাজ সেৱা, যুৱ উন্নয়ন আৰু সামাজিক কল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ডঃ কাকতিয়ে এই সন্মান লাভ কৰে। তেওঁৰ নেতৃত্বত ১৫৬টাতকৈ অধিক এন এছ এছ গোটৰ তত্বাৱধান কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটে পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰস্তুতি, ৰক্তদান, স্বাস্থ্য সজাগতা, মাদকবিৰোধী অভিযান, বৃক্ষৰোপণ কাৰ্যসূচী আৰু গ্ৰাম্য উন্নয়ন আদি ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডঃ কাকতিয়ে ২০১৯–২০ বৰ্ষৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সন্মানিত ব্যক্তি। এই বঁটা ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে প্ৰদান কৰিছিল।
ইয়াৰ উপৰিও ডঃ কাকতিয়ে ২০২১–২২ বৰ্ষৰ অসম ৰাজ্যিক ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা লাভ কৰে। এই সন্মান অসমৰ তদানীন্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল।
ডঃ কাকতিয়ে যুৱ সমাজক ৰাষ্ট্ৰ গঠন, সামাজিক দায়বদ্ধতা আৰু স্বেচ্ছাসেৱামূলক কাৰ্যকলাপৰ দিশে অনুপ্ৰাণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁৰ এই উল্লেখযোগ্য সাফল্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে সমগ্ৰ অসমৰ এন এছ এছৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। ডঃ কাকতিৰ এই সাফল্যত বিশ্ববিদ্যালখনৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত পঞ্জীয়ক উৎপল শৰ্মাই শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছে ।