ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেৰ মা কে নাম অভিযান আৰম্ভ কৰি আমাৰ পৃথিৱীখন সেউজ কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈ আহ্বান জনায় তথা ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ সকলোকে এজোপা গছ ৰোপণ কৰিবলৈ আহ্বান জনাই নিজৰ মাতৃ ভূমিলৈ শ্ৰদ্ধা জনাবলৈ আহ্বান জনায় ৷গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষে ধৰাপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মূল্যৱান গছপুলি ৰোপণ কৰি নদী খহনীয়া বন্ধ কৰিবলৈ এক কাৰ্যসূচী আয়োজন কৰে। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শিলিখা গছ এজোপা ৰোপণ কৰি বননীকৰণ কাৰ্যসূচী উদ্বোধন কৰি বিশ্ববিদ্যালয়ৰ এই প্ৰদক্ষেপক প্ৰশংসা কৰি এন এছ এছৰ এই উদাৰ পদক্ষেপৰ বাবে স্বেচ্ছাসেৱক আৰু তাত উপস্থিত থকা সকলোকে পৃথিৱী মাতৃক বচাবলৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে এজোপা গছপুলি ৰোপণ কৰি কয় যে :প্ৰধানমন্ত্ৰীৰ পৰিৱেশ ৰক্ষাৰ এই কাৰ্যসূচী এক সময়োপযোগী প্ৰদক্ষেপ আৰম্ভ কৰিছে আৰু সকলোকে এই অভিযানক এক বৃহৎ সফল কৰিবলৈ আহ্বান জনাইছে। এন এছ এছ কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেৱকসকলেও ব্ৰহ্মপুত্ৰৰ পাৰত বহুসংখ্যক গছৰ পুলি ৰোপণ কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ